আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে

 

আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে অসম দিৱস। ইতিহাস সৃষ্টিকাৰী ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেঁটি গঢ়োতা মহান স্বৰ্গদেউ গৰাকীৰ স্মৃতিত আজি পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস।

১২২৮ খৃষ্টাব্দৰ আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন ৰজা চাওলুং চকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল।

লগতে পঢ়ক: বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে

ইয়াৰ পিছতে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে।

প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব অৱদান আগবঢ়াই গৈছে।

বৰ অসম গঢ়াত অসম তথা বৃহৎ অসমীয়া জাতি গঢ়াত চকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

স্বৰ্গদেউ  চাওলুং চুকাফাই তেওঁৰ বীৰত্ব আৰু বিচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।

লগতে পঢ়ক: Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ

মুং দৌণ চুণ খাম অৰ্থাৎ সোণৰ বাগিছাৰ দেশ হিচাপে বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ গৰাকীৰ মহান আদৰ্শ আৰু বিশাল মানসিকতাৰ বাবেই সমগ্ৰ বিশ্বতে অসমীয়া এটা সুকীয়া স্বাভিমানী জাতি হিচাপে মূৰ দাঙি থাকিবলৈ সক্ষম হৈছে।