অসম জাতীয় পৰিষদৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; দিছপুৰ আৰু পশ্চিম গুৱাহাটীত কোন হ’ব প্ৰাৰ্থী?

সৰ্বমুঠ কেইটা সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে অসম জাতীয় পৰিষদে?

AJP-symbol

অসম জাতীয় পৰিষদে প্ৰকাশ কৰি উলিয়াইছে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তৃতীয়খন আলিকা।

বৰ্তমানলৈকে মুঠ ৮৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদে। ইয়াৰে ৪ গৰাকীৰ মনোনয়ন ইতিমধ্যে নাকচ হৈছে।

আজি শেহতীয়াকৈ দিছপুৰ, পশ্চিম গুৱাহাটীকে ধৰি মুঠ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।

তালিকা অনুসৰি :-

বৰখলা – মেহবুৰ ৰহমান বৰভূঞা
গোলকগঞ্জ – আতিকুৰ ৰহমান

পশ্চিম বিলাসীপাৰা – ডাঃ আনিছ আহমেদ
উত্তৰ অভয়াপূৰী – অজন্তা বৰুৱা

জলেশ্বৰ – ৰশিদুল হক
জনীয়া – শুকুৰ আলী

সৰুক্ষেত্ৰী – মাণিক চন্দ্ৰ বড়ো
চেঙা – গিয়াচুদ্দিন আহমেদ

বকো – দীপজ্যোতি দাস
দিছপুৰ – প্ৰিঞ্চ ফাইজুল হক

পশ্চিম গুৱাহাটী – ৰুণা লাইলা
তামুলপুৰ – এম প্ৰসাদ আচাৰ্য্য

কলাইগাঁও – যাদৱ শইকীয়া
ছিপাঝাৰ – গীতিকা কাকতি

মঙলদৈ – গকুল বৰুৱা
নগাঁও – অনুপ লস্কৰ
বঢ়মপুৰ – দীপিকা শইকীয়া কেওট

উল্লেখযোগ্য যে, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নাহৰকটীয়া আৰু দুলীয়াজান দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু সাধাৰণ সম্পাদক জগদীশ ভুঞাই শদিয়াৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

আনহাতে কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকাই পাটাচাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইতিমধ্যে, ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে অসম জাতীয় পৰিষদৰ। তেওঁলোক ক্ৰমে বটদ্ৰৱা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা অৰূপ কুমাৰ শইকীয়া আৰু মৰিয়নী সমষ্টিৰ পৰা এজেপিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন দাখিল কৰা অলোক ঘোষ।

শেহতীয়াকৈ মনোনয়ন নাকচ হোৱা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰুপহীহাট সমষ্টিৰ ছফিকুল ইছলাম আৰু নাজিৰা সমষ্টিৰ ৰিবুলায়া গগৈ।