এন আৰ চি : আপত্তি দৰ্শোৱাৰ সময় বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয় উন্নয়ন পৰিষদ

Dibya

অসম জাতীয় উন্নয়ন পৰিষদৰ নাগৰিক সভা। ফটো : নৰ্থইষ্ট নাও

অহা ১৫ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি দৰ্শোৱাৰ শেষ সময়সীমা। সেই সময়সীমা  তিনিমাহলৈ বৃদ্ধিৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাব অসম জাতীয় উন্নয়ন পৰিষদে।

অসম জাতীয় উন্নয়ন পৰিষদে শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু সাম্প্ৰতিক সময়ত অসমৰ পৰিস্থিতি সম্পৰ্কে আয়োজন কৰা এক নাগৰিক সভাত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই সময়সীমা বৃদ্ধিৰ বাবে ভাষণ প্ৰসংগত পৰামৰ্শ আগবঢ়ায়।

উক্ত পৰামৰ্শৰ প্ৰতি সমৰ্থন জনাই অহা সোমবাৰ অৰ্থাৎ ১০ ডিচেম্বৰৰ দিনা উচ্চতম ন্যায়ালয়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আপত্তি-অভিযোগ দাখিল কৰাৰ সময়সীমা তিনিমাহলৈ বৃদ্ধি কৰিবৰ বাবে আবেদন জনাব।

উক্ত অনুষ্ঠানতে ভাষণ প্ৰদান কৰি শইকীয়াই লগতে জাতীয় দল সংগঠনসমূহক আহ্বান জনায় কয়, ‘’তেওঁলোকে কেৱল ৰাজপথত আন্দোলন কৰিলেই নহয়। সংগঠনসমূহৰ আঞ্চলিক কমিটিসমূহৰ সদস্যসকলে নাম বাদ পৰা খিলঞ্জীয়া লোকসকলে কিদৰে আপত্তি দৰ্শাব পাৰে ইয়াৰ বাবে সজাগতা বৃদ্ধি কৰা উচিত।

আনহাতে, মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে উক্ত নাগৰিক সভাত জানিবলৈ দিয়া মতে ‘’এনআৰচিৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰিছে আৰু পৰৱৰ্তী পৰ্য্যায়ত ৫,১১,২৫৪ জন লোকে পুনৰ আবেদন কৰিছে। লগতে বৰ্তমানলৈকে ২০০ জন ব্যক্তিৰ বিৰুদ্ধেহে আপত্তি দৰ্শোৱা হৈছে।‘’

সেয়েহে জাতীয় দল-সংগঠনসমূহক নিজৰ নিজৰ অঞ্চলৰ সন্দেহজনক ব্যক্তিৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ বাবে ভাষণ প্ৰসংগত শইকীয়াই আহ্বান জনায়।

বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ড০ ভবেশ দাসে সভাপতিত্ব কৰা উক্ত নাগৰিক সভাতে ভাষণ প্ৰদান কৰি প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড০ ৰোহিনী কুমাৰ বৰুৱাই কয় যে নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাছত ওজৰ আপত্তিৰ সন্দৰ্ভত চৰকাৰ তথা নাগৰিকপঞ্জী কৰ্তৃপক্ষই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল। কাৰণ কোনো বিদেশীৰ নাম যদি খচৰাত সোমাইছে, তেন্তে সেই কথা সংশ্লিষ্ট কৰ্তৃপক্ষইহে জানিব।

তদুপৰি তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দায়িত্বত থকা কৰ্তৃপক্ষক বিষয়টোৰ ইতিবাচক সমাধান কৰাৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে,  ৰাজ্য চৰকাৰৰ গৃহ বিভাগেও দাবী-আপত্তি দাখিলৰ বাবে অতিৰিক্ত সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱাৰ কথা চিন্তা কৰিছে।