অসম জাতীয়তাবাদী পৰিষদৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি তুংগত

সম্বৰ্ধনা জনোৱা হ'ব সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাধিক বিশিষ্ট ব্যক্তিক

অসমৰ জাতীয়তাবাদী ধাৰাক নতুন গতি প্ৰদান কৰা অসম জাতীয়তাবাদী পৰিষদৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন খন চলিত বৰ্ষৰ ২১ নৱেম্বৰ, দেওবাৰে গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰাংগনত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

সেইমৰ্মে অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে।

অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক তৰুণ দত্তই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে উক্ত দিনা পুৱা ৮ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভনি কৰা হ’ব।

পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন্দ্ৰ চন্দ্ৰ দাসে।

পুৱা ৮.৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পদুম চন্দ্ৰ শৰ্মাই।

পুৱা ৯ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাত আগন্তুক দ্বি-বাৰ্ষিকৰ বাবে কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব।

১২.৩০ বজাত আহাৰ বিৰতি আৰু আবেলি দুই বজাত অনুষ্ঠিত হ’ব মুকলি অধিৱেশন,সম্বৰ্ধনা অনুষ্ঠান , আলোচনী উন্মোচন আৰু সাংস্কৃতিক অনুষ্ঠান।

উক্ত অনুষ্ঠানতে অসমৰ এজন শ্ৰেষ্ঠ কৃষক,এজন সফল উদ্যোগী, ক’ভিড কালত শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা এজন চিকিৎসাকৰ্মী,এজন সম্ভাৱনাপূৰ্ণ খেলুৱৈ আৰু এগৰাকী শ্ৰেষ্ঠ অংগনবাড়ী কৰ্মীক অসম জাতীয়তাবাদী পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব বুলি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তৰুণ দত্তই জানিবলৈ দিছে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰিবলগীয়া অসম জাতীয়তাবাদী পৰিষদৰ ২০২১ বৰ্ষৰ বাৰ্ষিক আলোচনী খনৰ বাবে ইচ্ছুক লেখক-লেখিকাসকলক বিভিন্ন বিষয়ৰ লেখা duttatarun92@gmail.com ই-মেইল আইডিত প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদকগৰাকীয়ে আহ্বান জনাইছে।

উক্ত দিনা সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিব অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তৰুণ দত্তই ।

মুকলি অধিৱেশনত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

তেওঁলোক হ’ল ক্ৰমে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী, জ্যেষ্ঠ শিল্পী তথা প্ৰৱক্তা ডঃ অনিমা চৌধুৰী,বড়ো সাহিত্যসভাৰ সভাপতি তৰেণ বড়ো,ছেটেলাইট চেনেল প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, সাহিত্যিক-কবি তথা বিষয় শিক্ষক দিলীপ বড়ো।

সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাবে উপস্থিত থাকিব সদ্য প্ৰয়াত শিল্পী ভিটালী দাসৰ কন্যা কমলিকা কাশ্যপ।

সংগঠনটোৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সকলো কাৰ্যসূচীতে উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন্দ্ৰ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক নিৰেন বেজবৰুৱাই।