‘নামঘৰীয়া’ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যুত অসম প্ৰকাশন পৰিষদৰ শোক

প্ৰথিতযশা সাহিত্যিক তথা অনুবাদক অতুলানন্দ গোস্বামীৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। আজি পুৱা প্ৰায় ৪.৪০ বজাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ‘নামঘৰীয়া’ৰ স্ৰষ্টাগৰাকীয়ে।বিগত দহদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল বৰেণ্য সাহিত্যিকগৰাকী। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ।

অসমীয়া সাহিত্য জগতৰ এগৰাকী স্বনামধন্য গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক অতুলানন্দ গোস্বামীৰ জন্ম হৈছিল ১৯৩৫ চনত। বৃত্তিগতভাৱে অসম চৰকাৰৰ এগৰাকী কৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অতুলানন্দ গোস্বামীয়ে।‘চেনেহ জৰীৰ গাঁথি’ নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অৱশ্যে জনপ্ৰিয় উপন্যাস ‘নামঘৰীয়া’ক তেখেতৰ শ্ৰেষ্ঠ সাহিত্য কৃতিৰ অভিধা দিয়া হয়।

নামঘৰীয়াৰ বাবে তেখেতক অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ আৰু ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ প্ৰদান কৰা হৈছিল। উপন্যাসখন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল।২০১৩ চনত বিশিষ্ট সাহিত্যিক গৰাকীক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল।অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বঙালী, ওড়িয়া আৰু সেই ভাষাসমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল।বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। কথাশিল্পী গৰাকীক মৃত্যুত শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁৰ অযুত গুণমুগ্ধই।

প্ৰথিতযশা সাহিত্যিক, অসম প্ৰকাশন পৰিষদৰ ‘জীৱনজোৰা সাধনা বঁটা প্ৰাপক’ অতুলানন্দ গোস্বামীৰ পৰলোকপ্ৰাপ্তিত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে৷ ২৭ জুলাই ২০২২, বুধবাৰে পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পৌৰোহিত্যত সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এখন শোক সভাত গোস্বামীৰ মৃত্যুত অসমে এগৰাকী যশস্বী সাহিত্যিকক হেৰুৱালে বুলি অভিহিত কৰে৷সভাত মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

আজি গুৱাহাটী মহানগৰীৰ নৱগ্ৰহ শ্মশানত বিশিষ্ট সাহিত্যিকগৰাকীৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰ কৰা হয়। সাহিত্যিকগৰাকীক ৰাজ্য চৰকাৰে যেনে ধৰণে মৃত্যুৰ পিছত সন্মান যাঁচিব লাগিছিল তেনে সন্মান নযঁচা বুলি বহুতে অভিযোগ কৰিছে।