অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে গ্ৰহণ কৰা ভূমিকাক লৈ প্ৰশ্ন উত্থাপন

টীয়কত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ সংবাদমেল

Screenshot_2020-09

জাতীয় সংগ্ৰামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে গ্ৰহণ কৰা কেতবোৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে ।

আজি যোৰহাট জিলাৰ টীয়কত সংগঠনটোৱে আয়োজন কৰা এক সংবাদ মেলত গগৈয়ে কয় যে কা বিৰোধী আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰে যুটীয়া সংগ্ৰামত অংশগ্ৰহণ কৰিছিল যদিও পৰবৰ্তী সময়ত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এতিয়া অখিল গগৈৰ বিৰুদ্ধে চাংমায়ে কৰা মন্তব্য সমৰ্থন যোগ্য নহয় ।

বিজেপিৰে অশুভ মিত্ৰতা কৰি নিজৰ আত্মীয়ক চৰকাৰী চাকৰিত নিযুক্তি দি যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক চাংমাইয়ে জাতিটোক প্ৰতাৰণা কৰিছে ।

বিজেপি বিৰোধী সংগ্ৰামত জড়িত থাকিও বিজেপিৰ সাংসদ প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী সভাত সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি গৰাকীয়ে অংশগ্ৰহণ কৰাৰ পাছতো আজি পৰ্যন্ত সংগঠনটোৰ পৰা বহিস্কৃত নোহোৱাৰ ঘটনাই প্ৰমাণ কৰে সংগঠনটোৰ প্ৰকৃত স্বৰূপ।

ইপিনে ছাত্ৰ সন্থা আৰু যুৱ ছাত্র পৰিষদৰ প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ আহ্বায়ক সমিতিৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়া ৰঞ্জিত শেখৰ মুছাহাৰী নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক ।

অথচ তেনে ব্যক্তিক সংগঠন দুটাই নিযুক্তি দি ছাত্র সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে সংবাদমেলত ।

 ভুৱা তথ্যৰ ভিত্তিত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত কেতবোৰ বাতৰিকে এটা স্বাৰ্থন্বেষী চক্ৰই সামাজিক মাধ্যমত আপলোড কৰি মানসিক হাৰাশাস্তি কৰা কাৰ্যৰ পৰা বিৰত থকাৰো আহ্বান জনায় গগৈয়ে ।

অন্যথা এনে কাৰ্যৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে যুৱ ছাত্র সমাজৰ উপদেষ্টা মনোজ গগৈয়ে ।