২০২০-২২ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতি; পৰমানন্দ ৰাজবংশী নিজেই সভাপতি, ঘনিষ্ঠক সদস্য

asomsahityasabha-570x320

প্ৰতিনিধিত্বমূলক ফটো

অসমৰ বৃহত্তম সাহিত্যানুষ্ঠান অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ বাবে এখন নিৰ্বাচন সমিতি গঠন কৰা হৈছে।

সাহিত্য সভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই কথা প্ৰকাশ।

এই কমিটিখন যোৱা ১৮ আগষ্টত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনে সৰ্বসন্মতিক্ৰমে গঠন কৰিছে বুলি বিজ্ঞপ্তিত কোৱা হৈছে।

সৰ্বসন্মতিক্ৰমে গঠন কৰা এই নিৰ্বাচন সমিতিৰ সভাপতি হিচাপে আছে বৰ্তমান সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী নিজে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা মুখ্য নিৰ্বাচনী বিষয়া হিচাপে আৰু সদস্য হিচাপে আছে সিংহেশ্বৰ প্ৰসাদ ৰায় আৰু বিজন মহাজন।

বিজন মহাজন দুবছৰ পূৰ্বে গঠিত নিৰ্বাচন সমিতিৰো সদস্য আছিল।

সভাপতি নিজে আৰু নিজৰ ঘনিষ্ঠ মানুহেৰে নিৰ্বাচন সমিতি গঠন কৰাৰ পিছত নিৰ্বাচনৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ প্ৰশ্নৰ অৱকাশ বিচাৰি পাইছে একাংশ সচেতন লোকে।

দুবছৰ পূৰ্বে অনুষ্ঠিত সভাৰ নিৰ্বাচনত পৰমানন্দ ৰাজবংশী সভাপতি আৰু পদুম ৰাজখোৱা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। দুয়োজন বৰ্তমান সেই সেই পদত অধিষ্ঠিত আছে।

এটা সূত্ৰই জনোৱামতে, দুবছৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱা পৰমানন্দ ৰাজবংশী আন এটা কাৰ্য্যকালৰ বাবে সভাপতি হোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে নিৰ্বাচন সমিতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰো সম্পূৰ্ণ সম্ভাৱনা আছে।

২০১৭ চনৰ ডিচেম্বৰত পৰৱৰ্তী দুবছৰৰ বাবে সভাপতি, প্ৰধান সম্পাদককে ধৰি বিষয়ববীয়া নিৰ্বাচনৰ বাবে অনুষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। নিৰ্বাচন প্ৰক্ৰিয়াটোৰ বৈধতাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল।

সমাজ-সাহিত্য ক্ষেত্ৰৰ বহুতো গণ্য-মান্য ব্যক্তিক তেওঁলোকৰ অৱগতিৰ অবিহনেই সভাপতি পদৰ প্ৰাৰ্থী কৰি শাখা আৰু জিলাবোৰৰ পৰা তেওঁলোকৰ নামৰ বিপৰীতে সীমিত ভোট প্ৰদান কৰাই পূৰ্ব নিৰ্ধাৰিত ধৰণে ফল বাহিৰ কৰা হৈছিল বুলি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াতো বিভিন্ন পক্ষই যুক্তি আৰু প্ৰমাণসহ অভিযোগ কৰিছিল।

যোৱাবাৰৰ নিৰ্বাচনত সভাপতি পদত বিভিন্নজনে পোৱা ভোট আছিল এনে ধৰণৰ- পৰমানন্দ ৰাজবংশী-৩৯০, প্ৰহ্লাদ তাচা-১৭৪, কৰবী ডেকা হাজৰিকা-৩৬, য়েছে দৰজে ঠংচি-৩৫, ড০ অমৰ জ্যোতি চৌধুৰী-১৭, নাহেন্দ্ৰ পাদুন-১৬, কুলধৰ শইকীয়া-৩, ৰতি মোহন দাস-৩, ডঃ ৰমেশ পাঠক-২, হৰেকৃষ্ণ ডেকা-২, হোমেন বৰগোহাঞি-১, ফণীন্দ্ৰ দেৱ চৌধুৰী-১, নৰেন কলিতা-১৷

অভিযোগমতে, ইয়াৰে বহুকেইজন প্ৰাৰ্থীয়ে নিজে যে অসম সাহিত্য সভাৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে তাক গমেই পোৱা নাছিল।

উল্লেখ কৰিব পাৰি যোৱা কেইবা বছৰ ধৰি অসম সাহিত্য সভাত বিভিন্ন ধৰণৰ অনিয়ম, বেমেজালি আৰু মইমতালি চলাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ব্যক্তি বিশেষে সভাত শক্তিশালী লবি সষ্টি কৰি নিজৰ স্বাৰ্থত সভাক ব্যৱহাৰ কৰাৰ অভিযোগ আছে। বহুতৰ অভিযোগ, অধিক গণতান্ত্ৰিক কৰাৰ অচিলাৰে সংবিধান সংশোধন কৰা হৈছে এই ব্যক্তি বা ব্যক্তিসকলৰ সুবিধা হোৱাকৈ।

আজি বিজ্ঞপ্তিত সভাৰ সংবিধান অনুসৰি প্ৰত্যেকখন জিলা সভা আৰু শাখা সভাসমূহকো নিৰ্বাচন সমিতি গঠন কৰি নিৰ্বাচন প্ৰক্ৰিয়া আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ কাম-কাজ আৰম্ভ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সংশ্লিষ্ট জিলা আৰু শাখা সভাসমূহক আহ্বান জনোৱা বুলি কোৱা হৈছে।

অহা ৩১ জানুৱাৰি আৰু ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰি, ২০১৯ তাৰিখে শুৱালকুছিত মূল সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে আদৰণি সমিতিয়ে কাম-কাজ আগবঢ়াই আছে, বিজ্ঞপ্তিত জনোৱা হৈছে, যিটো খুব সম্ভৱ ২০১৯ চন নহৈ ২০২০ হ’ব লাগিছিল।