NORTHEAST NOW (Assamese)

এন আৰ চি সন্দর্ভত অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ

May 11, 2019 10:39 am · এন ই নাও নিউজ
অমিত শ্বাহ। ফাইল ফটো ইন্টাৰনেটৰ সৌজন্যত

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম আন্দোলন সংগ্ৰামী মঞ্চ। পশ্চিমবংগৰ এখন ৰাজহুৱা সভাত অমিত শ্বাহে এন আৰ চি সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰাৰ আৰ্জি দাঙি ধৰি মঞ্চই শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে।

অলপতে পশ্চিমবংগৰ এখন ৰাজহুৱা সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সমগ্ৰ দেশতে এন আৰ চি  আনিব বুলি উল্লেখ কৰি কৈছিল যে প্ৰথমতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব আৰু তাৰ পাছতহে দেশজুৰি এন আৰ চি হ’ব।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চিৰ উন্নীতকৰণৰ কাম-কাজ চলি থকাৰ সময়তে অমিত শ্বাহৰ মন্তব্যই অসমৰ জনসাধাৰণক স্তম্ভিত কৰি তোলা বুলি উল্লেখ কৰি সংগ্ৰামী মঞ্চই অমিত শ্বাহৰ ৰাজনৈতিক মন্তব্যই আদালতক অৱমাননা কৰা বুলি অভিযোগ কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ মন্তব্যই অসমৰ জনসাধাৰণৰ বাবে এক ভুল বাৰ্তা কঢ়িয়াই নিব বুলি মঞ্চই আশংকা প্ৰকাশ কৰিছে। একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই উচ্চতম ন্যায়ালয়ত চলি থকা এন আৰ চিৰ ন্যায়িক প্ৰক্ৰিয়াকো অমিত শ্বাহে বাধাগ্ৰস্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

মঞ্চই ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰি অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰাৰ আৰ্জি দাঙি ধৰা বিষয়টোৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

Related News