ভোগালীতে পুনৰ মিছা প্ৰমাণ হ’ল শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ঘোষণা

ভেন্সাৰ স্কুলৰ প্ৰাদেশিককৰণৰ কাম ভোগালী বিহুৰ পূৰ্বে সম্পন্ন হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল শিক্ষা মন্ত্ৰীজনে

Siddhartha Bhatacharya education minister_1

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা ভেন্সাৰ শিক্ষক-কৰ্মচাৰীসকল ৰাজ্য চৰকাৰৰ দ্বাৰা পুনৰবাৰ আৰু ভোগালীৰ সময়তে প্ৰতাৰিত হোৱাৰ অভিযোগ আনিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই ৷

ঐক্যমঞ্চই জানিবলৈ দিয়া মতে, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই প্ৰাদেশিককৰণ আইনৰ আওতাত অন্তৰ্ভুক্ত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ভেন্সাৰ শিক্ষানুষ্ঠানবোৰৰ প্ৰাদেশিকককৰণৰ কাম ভোগালী বিহুৰ পূৰ্বে সম্পন্ন হ’ব বুলি ঘোষণা কৰিছিল।

যোৱা ৯ ডিচেম্বৰত  মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পদন্নোতি অনুষ্ঠানত অংশ গ্ৰহণ কৰি শিক্ষা মন্ত্ৰীজনে এই ঘোষণা কৰিছিল৷

কিন্তু এই আশাৰ কোনো ৰেঙনি নেদেখাকৈ ভোগালীৰ উৰুকা পাৰ কৰিলে বেতন বঞ্চিত শিক্ষক-কৰ্মচাৰীসকলে। শিক্ষা মন্ত্ৰীৰ ঘোষণা মিছা প্ৰমাণিত হোৱাত দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীসকল চৰকাৰ দ্বাৰা পুনৰ প্ৰতাৰিত হ’ল বুলি দাবী কৰিছে ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি ছবেদ ভূঞাই বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা শিক্ষক-কৰ্মচাৰীসকলৰ জীৱনৰ সৈতে ধেমালি নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে।

নৰ্থ ইষ্ট নাওৰ আগত তেওঁ কয়, “চৰকাৰৰ দ্বাৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ থকা বাবে বহু শিক্ষক-কৰ্মচাৰীয়ে দৰমহাৰ মুখ নেদেখাকৈ মৃত্যুক সাৱটি লৈছে। একাংশই ফুটাকড়ি এটাও নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰতি চৰকাৰৰ এনে নিস্পৃহতাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে কাৰ্য্যকৰী সভাপতিজনে।