বনকৰা মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দত্তই আত্মসমৰ্পণ কৰে। শনিবাৰে পুৱাই পলাতক বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীয়ে আত্মসমৰ্পণ কৰে।
আত্মসমৰ্পণৰ পিছতে শুভলক্ষ্মী দত্তক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি আৰক্ষী বিষয়াগৰাকীক শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছে। ইপিনে, আজি বন্ধৰ দিন হোৱা বাবে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব আৰক্ষী বিষয়াগৰাকীক। আৰক্ষীয়ে জেৰাৰ বাবে তেওঁক জিম্মাত বিচাৰিব।
লগতে পঢ়ক: প্ৰকৃতিৰ সংহাৰ! প্ৰবল ভূমিকম্পত বিধ্বস্ত মৰক্কো; নিহত প্ৰায় ৩০০ লোক, বহুলোক আহত
ঘৰত বনকৰা মহিলাক গৰম পানী ঢালি দিয়াকে ধৰি বিভিন্ন অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
ইয়াৰ পাছত কেইবাদিনো ধৰি পলাতক হৈ আছিল আৰক্ষী বিষয়াগৰাকী। আৰক্ষীয়ে আনকি শুভলক্ষ্মী দত্তক পলাতক আচামী হিচাপে ঘোষণা কৰিছিল।
কিন্তু প্ৰায় দুসপ্তাহে শুভলক্ষ্মীক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে উচ্চ পদস্থ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি পলাতক আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’ব বুলি ঘোষণা কৰাৰ পিছদিনাই অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে আত্মসমৰ্পণ কৰে।
লগতে পঢ়ক: গুৱাহাটীত আলফা-স্বাধীনৰ নামত ধন দাবী কৰা ৩ জনক গ্ৰেপ্তাৰ
জানিব পৰা মতে, অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে শিৱসাগৰৰ পৰা পলায়ন কৰি গুৱাহাটী মহানগৰীত আত্মগোপন কৰিছিল।