• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগ্নিগৰ্ভৰ মণিপুৰ: ২৪ ঘণ্টাত দুই যুৱক, এগৰাকী মহিলাক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2023 11:52 am
Manipur violence

প্ৰতিনিধিত্বমূলক ছবি

2.5k
VIEWS
Share on FacebookShare on Twitter

অশান্ত মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত যেন এতিয়া প্ৰতি মুহূৰ্তত মৃত্যুৰ শংকা! হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে মণিপুৰত বিগত ২৪ ঘন্টাত অচিনাক্ত দুৰ্বৃত্তই দুগৰাকী যুৱক আৰু এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে।

এই ঘটনাই মণিপুৰৰ পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলাৰ লগতে ৰাজ্যখনত জনসাধাৰণৰ নিৰাপত্তাৰ দিশটোক পুনৰবাৰ উন্মোচিত কৰি তুলিছে।

ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা ১৭ কিলোমিটাৰ উত্তৰে অৱস্থিত লেইকিনথাবাই গাঁৱৰ সমীপৰ এটা গাঁতত উদ্ধাৰ হৈছে নিৰুদ্দেশ হৈ থকা ইৰেংবাম চিংখেইংগনবা (২৬) আৰু ছাগোলশ্বেম ঙানলেইবা (৩৩) নামৰ দুজন যুৱকৰ মৃতদেহ।

অচিনাক্ত দুৰ্বৃত্তই দুই যুৱকক ওচৰৰ পৰা গুলীয়াই হত্যা কৰে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, উজনি মণিপুৰৰ কাকচিং জিলাৰ ছেকমাইজিন খুনৌৰ এই দুই যুৱকে ৪ জুলাইত ব্যক্তিগত ব্যৱসায়িক কামৰ বাবে ছেকমাই গাঁৱলৈ গৈছিল।

সূত্ৰ অনুসৰি, সেইদিনাই বিয়লি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ হৈছিল। ৫ জুলাইত দুয়োগৰাকী যুৱকৰ পৰিয়ালৰ সদস্যই যুৱক দুজন নিৰুদ্দেশ হোৱাৰ ৰিপৰ্ট দাখিল কৰিছিল।

কিন্তু ইয়াৰ পিছতে পৰিয়ালৰ লোকসকলে সামাজিক মাধ্যমত যুৱক দুগৰাকীৰ হত্যাৰ খবৰ দেখিবলৈ পায়।

ইফালে, কালি পুৱাই ইম্ফলত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ডনংগাইহচিং নামৰ এগৰাকী ৪৪ বছৰীয়া মহিলাক গুলীয়াই হত্যা কৰে। এখন বিদ্যালয়ৰ সমীপতে সংঘটিত হয় এই হত্যাকাণ্ড।

শেহতীয়াকৈ সংঘটিত হোৱা এই হিংসাত্মক কাৰ্যই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰিছে। লক্ষণীয়ভাৱে এই ধ্বংসলীলাত মণিপুৰত প্ৰায় ১৫০ গৰাকী লোকৰ ইতিমধ্যে প্ৰাণহানি হৈছে; গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক।

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd