NORTHEAST NOW (Assamese)

পাষাণ পিতৃ-মাতৃ! কাছাৰত কুকুৰে খাই থকা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

February 16, 2025 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 16, 2025 5:53 pm

কাছাৰৰ জিলাৰ ঢলাইত উদ্ধাৰ হৈছে এটা নৱজাতকৰ মৃতদেহ।

পথৰ দাঁতিৰ ঘাঁহনিত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকটিৰ মৃতদেহ।

শনিবাৰে মাজ নিশা পথচাৰীয়ে শিশুটিৰ মৃতদেহ কুকুৰে খাই থকা অৱস্থাত উদ্ধাৰ কৰে।

পথাচাৰীয়ে কুকুৰকেইটাক খেদি পঠিওৱাৰ লগতে মৃতদেহটোৰ অৱশিষ্ট উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

Related News