• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসম চুক্তিৰ মৃত্যু হৈছে-অসম চুক্তি দীৰ্ঘজীৱী হওক!

ব্ৰজেন ডেকা by ব্ৰজেন ডেকা
September 7, 2021 1:18 pm
Assam-Accord-signign-ceremony-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষোভ, হতাশা আৰু অসহায়তাৰ অনুভৱেৰে এই কথাখিনি লিখিছো।

অসম চুক্তি মতে ১৯৭১ চনৰ ২৫ মাৰ্চ আৰু তাৰ পাচত অহা বিদেশীৰ চিনাক্তকৰণ আৰু নাম কৰ্তন কৰা হ’ব আৰু তেওঁলোকক বহিস্কাৰৰ বাবে “বাস্তৱ কাৰ্য্যবাৱস্থা” গ্ৰহণ কৰা হ’ব। (practical steps will be taken to expel such foreigners)।

কিন্তু নাগৰিকত্ব আইন ১৯৫৫ আৰু ইয়াৰ পৰৱৰ্তী সংশোধনসমূহৰ মতে

১. ২৬ জানুৱাৰী ১৯৫০ তাৰিখে বা তাৰ পিচৰ পৰা আৰম্ভ কৰি ১ জুলাই ১৯৮৭ লৈ জন্ম হোৱাসকল জন্মসূত্ৰে ভাৰতীয় নাগৰিক ৰূপে পৰিগণিত হ’ব।

২. ১জুলাই ১৯৮৭ ৰ পৰা আৰম্ভ কৰি ৩ ডিছেম্বৰ ২০০৪ লৈ জন্ম গ্ৰহণ কৰা সকলৰ মাক-দেউতাকৰ এজন ভাৰতীয় হ’লে তেওঁলোক জন্মসূত্ৰে ভাৰতীয় বুলি পৰিগণিত  হ’ব।

৩. ৩ ডিছেম্বৰ ২০০৪ তাৰিখে বা তাৰ পিচত জন্ম গ্ৰহণ কৰা সকলৰ মাক-বাপেকৰ দুয়োজন ভাৰতীয় হ’লেহে তেওঁলোকা জন্মসূত্ৰে ভাৰতীয় বুলি পৰিগণিত হ’ব।

এই বিধানসমূহৰ মতে অসমলৈ ২০০৪ চনৰ ৩ ডিছেম্বৰলৈ অহা সকলোকে নাগৰিকত্ব প্ৰদান কৰা হৈছে। তাৰ পাছত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ মতে-

৪. ২০১৪ চনৰ ৩১ ডিছেম্বৰলৈ অহা হিন্দু ধৰ্মীয় বিদেশীক নাগৰিকত্ব প্ৰদান কৰা হ’ব। (আইন হৈছে যদিও এতিয়ালৈ বলবৎ হোৱা নাই)।

এই আটাইবোৰ অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য আৰু এইসমূহে আসম চুক্তিক নসাৎ কৰিছে। চৰকাৰৰ যদি সদিচ্ছা আছে তেনেহ’লে এই ঘোষণা কৰক যে অসম এই সমূহ আইনৰ আওতাৰ অধীনলৈ নাহে। এইসমূহ অসমত বলবৎ নহয়।

কেবল অসমৰ বাবে যদি অসম চুক্তি অনুসৰি নাগৰিকত্ব আইন ১৯৫৫ ৰ ৬(ক)অনুচ্ছেদ সংযোজন কৰিব পাৰে (এই ধাৰাটোত স্পষ্টভাবে লিখা আছে- Special provisions as to citizenship of persons covered by the Assam Accord) তেনেহ’লে সেই চুক্তিক নসাৎ কৰা বিধানসমূহ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি আইন বলবৎ কৰিব কিয় নোৱাৰি?

এনেকুৱা হ’ব বুলি কোনোবাই বিশ্বাস কৰেনে? কোনোবাই এতিয়াও সঁচাকৈ বিশ্বাস কৰেনে যে বিদেশী বহিস্কাৰ দুৰৈৰ কথা, চিনাক্তও হ’ব?

আৰু ‘অসমীয়াৰ সাংবিধানিক ৰক্ষাকবচ’- অসম চুক্তিৰ ৬ নং দফা সেইটোকো চৰকাৰে এটা নতুন পেৰডীলৈ ৰূপান্তৰিত কৰিছ। এটা ‘ব্লেক পেৰডী’- বহুজনৰ জীৱনৰ বিনিময়ত ৰচিত।

অসম চুক্তি ইতিমধ্যে নিজৰেই পেৰডীত পৰিণত হৈছে, আৰু আমি বিদেশী বহিস্কাৰৰ কথা কৈ থকাসকল নিজৰেই পেৰডীত পৰিণত হৈছো। এই পেৰডীটোক চিৰিয়াচ ৰূপত গাই থকা আমাৰ প্ৰহসনটোৰ অন্ত পেলোৱাৰ সময় হৈছে। আপোনজন ঢুকালে সেই বিচ্ছেদ অসহনীয় হ’লেও সকলোৱে মানি লবলৈ বাধ্য হয় আৰু মানুহে সেই মৃত্যুক গ্ৰহণ কৰি জীৱনৰ বাটত আগুৱাই যায়। অসম চুক্তিও বহুজনে জীৱন দান দি, ঘূণীয়া হৈ, ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি জন্ম দিছিল। অসম চুক্তিৰ যদি মৃত্যু হৈছে তেনেহ’লে তাক আপোনজনৰ মৃত্যুৰ দৰে গ্ৰহণ কৰি আগুৱাই যোৱাৰ সময় হৈছে। আপুনি কি ভাবে? অসম চুক্তি এতিয়াও জীয়াই আছেনে?

১৯৮৫ চনৰ পৰা আমি কেৱল বিদেশীক নাগৰিকত্ব দিয়াৰ আয়োজনেই দেখিলো।

অসম চুক্তিৰ মৃত্যু হৈছে। অসম চুক্তি দীৰ্ঘজীৱী হওক!

(লেখক গুৱাহাটীস্থিত এগৰাকী ৰাজনৈতিক বিশ্লেষক। তেখেতৰ ফ’ন নম্বৰ-৯৮৬৪০৯২১৩৭)

ব্ৰজেন ডেকা

ব্ৰজেন ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd