অসম বন্ধ নহয়, এইবাৰ স্তব্ধ হ’ব প্ৰশাসন

নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে আন্দোলনমুখী সদৌ অসম কৰ্মচাৰী পৰিষদ

assam

প্ৰতীকী ছবি।

ঐতিহাসিক অসম আন্দোলনৰ সময়ত ‘দেশতকৈ চাকৰি ডাঙৰ নহয়’ শ্ল’গানেৰে আন্দোলনত জঁপিয়াই পৰিছিল সদৌ অসম কৰ্মচাৰী পৰিষদ। যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছিল ৰাজ্যৰ প্ৰশাসন। এই ঘটনাৰ পুনৰাবৃত্তিৰ দিশে আগবাঢ়িছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনো।

বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এই সিদ্ধান্ত অনুসৰি অহা ৩০ জানুৱাৰিত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে কৰ্মচাৰী পৰিষদে। গতিকে সেইদিনা ৰাজ্যৰ চৰকাৰী কাৰ্যালয় সমূহ অচল হৈ পৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে।

দেওবাৰে বাক্সাৰ তামুলপুৰত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৩০ জানুৱাৰিত ৰাজ্যৰ সকলো জিলাধিপতি আৰু মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ পৰিষদে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব।

এই সন্দৰ্ভত কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰুদ্দিন আহমেদে কয়, ‘অসমীয়া জাতিৰ চূড়ান্ত ত্যাগৰ বিনিময়ত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই অনুসৰিয়েই বিদেশীক ৰাজ্য তথা দেশৰ পৰা বহিষ্কৰণৰ সিদ্ধান্তক সৰ্বজনে স্বীকৃতি দিছিল। তেনেস্থলত হিন্দু বাংলাদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা কাৰ্য কেৱল অসম বিৰোধীয়েই নহয়, ই ভাৰতৰ সংবিধানৰ ব্যৱস্থাৱলীৰ পৰিপন্থী।’

কেৱল ইমানেই নহয়, কৰ্মচাৰী সকলক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰিস্থিতিলৈ ঠেলি নিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ‘দায়িত্বহীন চৰকাৰ’ বুলিও কৰ্মচাৰী পৰিষদে আখ্যা দিয়ে। লগতে ইয়াৰ ফলত হ’ব পৰা যিকোনো অশুভ পৰিস্থিতিৰ বাবে চৰকাৰেই দায়ী হ’ব বুলিও কৰ্মচাৰী পৰিষদে মন্তব্য কৰিছে।

একেদৰে অহা ২৩ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিবলগীয়া ‘বজ্ৰ নিনাদ’ কাৰ্যসূচীলৈও সদৌ অসম কৰ্মচাৰী পৰিষদে মুকলি সমৰ্থন আগবঢ়াব বুলি কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছে।