প্ৰতিবাদত উত্তাল অসম; বাতিল হ’ল অসম-ওড়িশাৰ কোচবিহাৰ ট্ৰফীৰ খেল

CAB protest CAA: Assam tops in opposition, most Indians support, finds Survey

প্ৰতিনিধিত্বমূলক চিত্ৰ

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে অসম আৰু ওড়িশাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্দ্ধৰ কোচবিহাৰ ট্ৰফীৰ ক্ৰিকেট প্ৰতিযোগিতাৰ খেলখন বাতিল কৰা হৈছে।

আজিৰ পৰা নগাঁৱত দুয়োটা দলৰ মাজত খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল।

ইয়াৰ পূৰ্বে অসম আৰু ছাৰ্ভিছেচৰ মাজত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফীৰ খেলখনো বাতিল কৰা হৈছিল।

কোচবিহাৰ ট্ৰফীত অংশলোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হোৱা ওড়িশাৰ ক্ৰিকেট দলটোৱে গুৱাহাটী মহানগৰীত সান্ধ্য আইন চলি থকা বাবে নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰে।

আনহাতে, অসমৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ১৭ জানুৱাৰিৰ পৰা অসম আৰু ঝাৰখণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ খেলখনো স্থানান্তৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে।

অসমত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰৱল বিৰোধিতাৰ বাবে প্ৰশাসনে সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈছে।