NORTHEAST NOW (Assamese)

বিজেপিৰ ITচেলক প্ৰত্যাহ্বান জনাই জুবিনৰ নেতৃত্বত ‘প্ৰচাৰ যুদ্ধ’ৰ বাবে সাজু শিল্পী সমাজ

February 6, 2020 2:31 pm · কল্পজ্যোতি শইকীয়া

বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাবলৈ ৰাজ্যৰ শিল্পী সমাজে আজি ‘কা’ বিৰোধী ৱেবছাইট আৰু ফে’চবুক পেইজ মুকলি কৰে।

জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া, ৰবি শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰবীনৰ উপস্থিতিত গুৱাহাটী প্ৰেছ ক্লাবত assamagainstcaa.in ৱেবছাইট আৰু Assam against CAA নামৰ ফে’চবুক পেইজ মুকলি কৰা হয়।

জুবিন গাৰ্গ : উক্ত ৱেবচাইত ‘কা’ আন্দোলনৰ ফটো, ভিডিও ইত্যাদি সকলো তথ্য পোৱা যাব। ৰাজনৈতিক বিকল্পৰ বিষয় স্থগিত ৰখা হৈছে। মূল উদ্দেশ্য এতিয়া ‘কা’ বাতিল। ৰাইজে সিদ্ধান্ত ল’ব কাক ভোট দিব। ফিল্ম ফেয়াৰ, স্পৰ্ষ্ট বেলেগ বস্তু, ‘কা’ বিৰোধী আন্দোলনো বেলেগ। এই ৱেবচাইটৰ জৰিয়তে সকলোৰে মাজত যোগসূত্ৰ স্থাপন কৰা হ’ব।

বৰষাৰাণী বিষয়া : ‘কা’ৰ বিৰুদ্ধে অসমত হোৱা আন্দোলন অন্যান্য ৰাজ্য বা বিশ্ব স্তৰত social মিডিয়াৰ জৰিয়তে বিয়পোৱাৰ বাবে এই প্ৰচেষ্টা। শিল্পী সমাজৰ প্ৰচেষ্টাত সকলো অসমবাসীৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

ফিল্মফেয়াৰৰ দৰে অনুষ্ঠানে অসমক বিশ্ব দৰবাৰত পৰিচয় দাঙি ধৰিব। এই ক্ষেত্ৰত শিল্পী সমাজৰ প্ৰত্যেকৰে ভিন্ন মত হ’ব পাৰে। এই ক্ষেত্ৰত মই আগৰ স্থিতিতে আছো। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ফিল্ম ফেয়াৰত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছোঁ।

গৰিমা শইকীয়া গাৰ্গ : অহিংসাৰ মাধ্যমেৰে আন্দোলন কৰা হৈছিল যদিও বিশ্বৰ আগত ইয়াক বিৰূপ ৰূপত দেখুৱা হৈছিল। হেংদাং হাতত লোৱা মানে কাটি দুছেও কৰি ৰক্ত ক্ষয় কৰাৰ কথা কোৱা হোৱা নাছিল, কোৱা হৈছিল যুঁজলৈ যোৱাৰ কথাহে। সেয়েহে social মিডিয়াৰ ব্যৱস্থাটো লোৱা হৈছে যাতে শুদ্ধ ৰূপত ‘কা’ বিৰোধী আন্দোলন উপস্থাপন হয়। ‘কা’ প্ৰকৃততে কি সেই বিষয়েও ৱেবচাইটত উল্লেখ থাকিব।

ৰবি শৰ্মা : অসমৰ মানুহে কথা সোনকালে পাহৰে। যাতে কথাবোৰ নাপাহৰে তাৰ বাবে এই ৱেবছাইটত সকলো তথ্য সন্নিবিষ্ট কৰি ৰখা হ’ব আৰু সময়ে সময়ে সকলোৱে চাব পাৰিব। ৱেবচাইটতো মোবাইলতো উপলব্ধ হ’ব আৰু ‘কা’ৰ বিৰোধিতা কৰাসকলে পঞ্জীয়ন কৰিব পাৰিব। ‘কা’ বিৰোধী সকলো জনসাধাৰণক ইয়াৰ জৰিয়তে একত্ৰিত কৰা হ’ব। বিজেপিৰ আই টি চেলক প্ৰত্যুত্তৰ দিব পৰা যাব এই ব্যৱস্থাৰ জৰিয়তে।

Related News