NORTHEAST NOW (Assamese)

বিৰোধীৰ প্ৰতিবাদৰ মাজতেই  অসম বিধানসভাত গৃহীত হ’ল গো-সুৰক্ষা বিধেয়ক,২০২১, কি আছে বিধেয়ক খনত?

August 13, 2021 6:44 pm · এন ই নাও নিউজ
Updated: August 13, 2021 6:46 pm

আজি অসম বিধানসভাত আনুষ্ঠানিক ভাবে গৃহীত হ’ল বহু চৰ্চিত তথা বহু বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক,২০২১। লগে লগে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে বিধানসভাৰ মজিয়া।

বিজেপিৰ বিধায়কসকলে জয়শ্ৰীৰাম ধ্বনি দি থকাৰ মাজতে বিধেয়ক খনৰ বিৰোধিতা কৰি বিৰোধীয়ে সদন ত্যাগ কৰে।

আজি বিধানসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-সুৰক্ষা বিধেয়ক খনৰ বিষয়ে বহু সময় ধৰি ভাষণ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়

‘ আপোনালোকে য’ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌদ্ধিষ্টলোক থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক’ ৷ গো-মাংস খোৱাত মুছলমান লোকক কেতিয়াও চৰকাৰে বাধা নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কয়।তেওঁ কয় যে মন্দিৰৰ পৰা কমেও পাঁচ কিলোমিটাৰ দূৰত গো-মাংস খোৱাৰ বিষয়টোত হয়তো কোনো মুছলমান লোকে আপত্তি নকৰিব।

বিধেয়ক খন গৃহীত হোৱাৰ প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় ‘ আমি চিলেক্ট কমিটীলৈ আইনখন পঠিয়াবলৈ দাবী কৰিছিলো। অৰ্থনীতি কমিটীৰ জৰিয়তে চিলেক্ট কমিটীত আলোচনা কৰা দাবী কৰিছিলো, কিন্তু আমাৰ কথাত গুৰুত্ব দিয়া নহ’ল’। তেওঁ ভাৰতেই সৰ্বাধিক গো-মাংস ৰপ্তানি কৰে বুলিও মন্তব্য কৰে।

বিধেয়কখনত যিবোৰ অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে তাৰে কেইটামান চমুকৈ এনেধৰণৰ-

অনুচ্ছেদ ৪: পশুবধ নিষেধ : অন্য কোনো আইনত উল্লেখ থাকিলেও বা ইয়াৰ বিপৰীত কোনো উপযোগ থাকিলেও কোনো লোকে  পশু হত‍্যা কৰিব নোৱাৰিব।

অনুচ্ছেদ ৫: সক্ষম অধিকাৰীৰ প্ৰমাণপত্ৰ নোহোৱাকৈ পশু বধ নিষেধ: যিটো অঞ্চলত পশুবধ কৰিবলৈ বিচৰা হ’ব সেই অঞ্চলৰ পশুপালন বিভাগৰ পঞ্জীয়নকৃত পশু চিকিৎসা অধিকাৰীৰ লিখিত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো লোকে পশুবধ কৰিব নোৱাৰিব। তদুপৰি পশু চিকিৎসা অধিকাৰীয়ে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যে বধ কৰিবলৈ বিচৰা পশুটোৰ (গৰু নহয়) বয়স ১৪ বছৰ হৈছে। তদুপৰি পশুটো (গৰু, চেউৰী বা দামুৰী হ’ব নোৱাৰিব) কাম কৰিবলৈ বা প্ৰজনন কৰিবলৈ স্থায়ীভাৱে অক্ষম হৈ পৰিব লাগিব আৰু এনে অক্ষমতা কোনো দুৰ্ঘটনাজড়িত আঘাত বা আভঁজা অৱস্থা (deformity)ৰ বাবে হ’ব লাগিব।

অনুচ্ছেদ ৬: পশু বধ গৃহৰ বাদে অন্য স্থানত বধ বাৰণ।

অনুচ্ছেদ ৫ৰ অধীনত কোনোলোকে যদি পশু  হত্যা  বা বধৰ অনুজ্ঞা লাভ কৰে তেন্তে তেনে পশু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অনুজ্ঞা থকা পশুবধ গৃহতহে বধ কৰিব পাৰিব। অৱশ্যে ৰাজ্য চৰকাৰে  উপাসনাৰ কিছু স্থান বা কোনো উৎসৱ পাৰ্বনত (occasions) ধৰ্মীয় কাৰণত পশুবধ কৰিবলৈ ৰেহাই দিবও পাৰে।

অনুচ্ছেদ ৭: পশুৰ পৰিৱহন নিষেধ:  এই অনুচ্ছেদৰ জৰিয়তে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ পশু পৰিবহন সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ৭(১) নং অনুচ্ছেদ অনুযায়ী কোনো লোকে বৈধ অনুজ্ঞা নোহোৱাকৈ অসমৰ বাহিৰৰ ৰাজ্যৰপৰা অসমৰ মাজেৰে অসমৰ বাহিৰলৈ পশু পৰিবহন কৰিব নোৱাৰিব। তদুপৰি অসমৰ বাহিৰৰ কোনো স্থানত য’ত পশুবধ আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নহব তালৈকেও পশু পৰিবহন কৰিব পৰা নাযাব।

অনুচ্ছেদ ৭(২) অনুযায়ী কোনো লোকে আন ৰাজ্যৰ কোনো স্থানৰ পৰা এই বিধিৰ দ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ঘোষণা দিয়া ৰাজ্যৰ কোনো স্থানলৈ পশু পৰিবহন কৰিব নোৱাৰিব। একেদৰে এই বিধিৰদ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ধৰা ৰাজ্যৰ এঠাইৰ পৰা আনঠাইলৈ  পশু পৰিবহন কৰিব নোৱাৰিব। কেৱল কৃষি আৰু পশুপালন কাৰ্য্যত প্ৰকৃতাৰ্থত প্ৰয়োজনীয় পশু পৰিবহন ; চৰণীয়া পথাৰলৈ নিয়া; জিলা খনৰ ভিতৰতে কৃষি আৰু পশুপালনৰ বাবে পশু পৰিবহন কাৰ্যক এই বিধেয়কে ৰেহাই দিছে। পঞ্জীয়নকৃত পশু বজাৰৰ বাবে জিলাৰ ভিতৰতে পশু পৰিবহন কাৰ্যকো এই বিধেয়ক জৰিয়তে ৰেহাই প্ৰদান কৰা হৈছে।

অনুচ্ছেদ ৮:  গো-মাংস আৰু গো-মাংসজাত খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধ* : এই অনুচ্ছেদৰ জৰিয়তে কেৱল সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা অনুমতি দিয়া স্থানৰ বাদে আন স্থানত কোনো গো-মাংস বা গো-মাংসজাত সামগ্ৰী পৰোক্ষ বা প্ৰত‍্যক্ষ ভাৱে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে। তদুপৰি হিন্দু, জৈন, শিখ আৰু অন্যান্য গো-মাংস নোখোৱা লোকৰ প্ৰধানত বসবাস থকা এলেকাত তথা মন্দিৰ, সত্ৰ আৰু হিন্দু ধৰ্মৰ আন অনুষ্ঠান থকা স্থানৰ ৫ কি:মি  ব্যাসাৰ্ধৰ ভিতৰত এনে অনুমতি প্ৰদান কৰা নহ’ব।

Related News