কেৰিয়াৰৰ জটিল পৰিক্ৰমাৎ নিজৰ পিতৃৰ বিৰুদ্ধেই ন্যায় যুদ্ধত অৱতীৰ্ণ হৈ প্ৰথম ঢাপত বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে বিশ্ব বখ্যিাত পপ তাৰকা ব্ৰিটনী স্পিয়েৰ্ছে।
আজি আদালতে ব্ৰিটনীৰ কেৰিয়াৰত তেওঁৰ পিতৃয়ে অযথা কৰ্তৃত্ব খটুৱাব নোৱাৰিব বুলি ৰায় দান কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে তাৰকা গৰাকী।
উল্লেখ্য ২০০৮ চনত ব্ৰিটনী স্পিয়েৰ্ছৰ মানসিক স্বাস্থ্য অৱনমিত হোৱাৰ দোহাই দি তেওঁৰ পিতৃ জেমি স্পিয়েৰ্ছে তাৰকা গৰাকীৰ সম্পত্তিৰ লগতে আন বিষয়সমূহ চোৱা-চিতা কৰাৰ কৰ্তৃত্ব আদালতৰ জৰিয়তে লাভ কৰিছিল।
ইয়াৰ পিছতে পিতৃয়ে ব্ৰিটনীয়ে কলৈ যাব, কি খাব আদি বিষয়বোৰত অধিক হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল।
ব্ৰিটনীৰ সম্স্ত ধন পিতৃয়ে কুক্ষিগত কৰাৰো অভিযোগ উঠিছিল। পিতৃয়ে কৰা এনে অত্যাচাৰৰ বাবেই ব্ৰিটনীয়ে আনকি অনুষ্ঠান পৰিবেশন কৰাও বন্ধ কৰি দিছিল।
পিতৃৰ অনধিকাৰ কৰ্তৃত্ব নোহোৱা কৰাৰ বাবেই ব্ৰিটনীয়ে আদালতত গোচৰ তৰিছিল।
আদালতে পিতৃৰ ৰক্ষণশীল চৰিত্ৰ বাহাল ৰাখিব নোৱাৰিব বুলি কোৱাৰ পিছতে ব্ৰিটনী কিছু পৰিমাণে হ’লেও পিতৃৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ সক্ষম হ’ল বুলি ব্ৰিটনীৰ অনুৰাগীসকলে মন্তব্য কৰা পৰিলক্ষিত হৈছে।