NORTHEAST NOW (Assamese)

অসম বিধান সভা নিৰ্বাচনত মহাজোঁট গঠন কৰিব কংগ্ৰেছে

August 30, 2020 10:01 pm · নিখিল মুন্দ্ৰা

নগাওঁ লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দেওবাৰে কয় যে অসম বিধান সভাৰ ’২১ৰ নিৰ্বাচনত কংগ্ৰেছে মহাজোঁট গঠন কৰিব।

তেওঁ কয় যে এই মহাজোঁটত এ আই ইউ ডি এফৰ উপৰি চি পি আই, চি পি আই (এম) আদি দলেও কংগ্ৰেছৰ সৈতে হাত মিলাব।

হোজাইৰ কাকীত এক দলীয় সভাত ভাগ লোৱাৰ পিছত সাংবাদিকৰে সৈতে হোৱা কথা-বাৰ্তাত বৰদলৈয়ে কয় যে এই কংগ্ৰেছে এই মহাজোঁটৰ নেতৃত্ব দিব।

তেওঁ বিজেপিক পৰাজিত কৰাৰ বাবে আন বিজেপি-বিৰোধী দলসমূহকো মহাজোঁটত যোগ দিবলৈ আহ্বান জনায়।

অসমৰ বিভিন্ন সংগঠনে নতুনকৈ গঠন কৰিবলৈ লোৱা দলসমূহকো মহাজোঁটত যোগ দিবলৈ তেওঁ আহ্বান জনায়।

আসন্ন নিৰ্বাচনত শাসক দল বিজেপিয়ে ভাল শিক্ষা পাব বুলিও তেওঁ মন্তব্য কৰে।

“মোৰ অসমৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁলোকে আহি থকা নিৰ্বাচনত বিজেপিক ভাল শিক্ষা দিব,” বৰদলৈয়ে কয়।

Related News