অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সোমবাৰে এটা ভাইৰেল অডিঅ’ ক্লিপ সন্দৰ্ভত বিজেপিৰ আবেদন নৈতিকতা সমিতিলৈ প্ৰেৰণ কৰিছে। চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ছুপাৰি ছিণ্ডিকেটৰ সৈতে জড়িত বুলি অভিযোগ থকা হৰ্ষ নামৰ এজনৰ পৰা ধন দাবী কৰা এটা অডিঅ’ ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই অডিঅ’ ক্লিপে সম্প্ৰতি ৰাজনৈতিক মহলত উত্তেজোনাৰ সৃষ্টি কৰিছে। অৱশ্যে এই কণ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বুলি এতিয়াও নিশ্চিত হোৱা নাই।
শূন্যকালীন ঘন্টাত বিজেপিৰ বিধায়ক মানৱ ডেকাই এই বিষয়টো উত্থাপন কৰি মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়। ডেকাই কয়, তালুকদাৰে ছিণ্ডিকেটৰ বিষয়ে আলোচনাৰ প্ৰস্তাৱ আনিছিল আৰু দুজন অভিযুক্তৰ নাম উল্লেখ কৰিছিল। এতিয়া তেওঁৰ ‘হেভী এমাউন্ট’ বিচৰাৰ অডিঅ’ ওলাইছে। এয়া গুৰুত্বপূৰ্ণ বিষয়, অধ্যক্ষই ব্যৱস্থা ল’ব লাগিব বুলি উল্লেখ কৰিছে।
ইফালে চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই অভিযোগ খাৰিজ কৰি কয়, এইটো এআইৰ দ্বাৰা সৃষ্টি কৰা বুলি উল্লেখ কৰি এইটো তেওঁৰ কণ্ঠ নহয় বুলি দাবী কৰিছে। আৰু তেওঁ আদালতত নিৰপেক্ষ তদন্ত বিচাৰিছে। দোষী প্ৰমানিত হ’লে তেন্তে ৰাজনীতি ত্যাগ কৰিব বুলিও ঘোষণা কৰে বইধায়ক গৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভাত একেজন অভিযুক্তৰ নাম উল্লেখ হোৱাৰ পিছতে এই বিষয়টো উত্থাপিত হৈছে। সেয়ে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি অধ্যক্ষ দৈমাৰীয়ে নৈতিকতা সমিতিলৈ বিষয়টো প্ৰেৰণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে।