NORTHEAST NOW (Assamese)

কেবৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিলে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে

December 13, 2019 8:25 am · এন ই নাও নিউজ
অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী। ফাইল ফটো

গোটেই ৰাজ্যখন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠাৰ সময়তে কেবৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশ কৰিলে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

বৃহস্পতিবাৰে কেবৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি এক প্ৰেছ বিবৃতি প্ৰকৰাশ কৰে হিতেন্দ্ৰনাথ গোস্বামীয়ে।

অসমীয়াৰ স্বাৰ্থত আঘাত হনা কোনো কাম চৰকাৰে কৰিব নালাগে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে।

তদুপৰি, অসমীয়াৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায় বিধানসভাৰ অধ্যক্ষ গোস্বামীয়ে।

অধ্যক্ষ হিচাপে নিজৰ নিৰপেক্ষতাৰ কথা উনুকিয়াই গোস্বামীয়ে খিলঞ্জীয়াৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক কেব বাতিল কৰিবলৈ আহ্বান জনায়।

অধ্যক্ষ গোস্বামীৰ প্ৰেছ বিজ্ঞপ্তিটো।

Related News