NORTHEAST NOW (Assamese)

আদিবাসী ছাত্ৰ সন্থাই দিয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ ওদালগুৰিত

February 11, 2019 6:07 pm · ছাজিদ খান
Updated: February 11, 2019 6:11 pm

জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰে ওদালগুৰি জিলাত।

জিলাখনৰ সদৰ চহৰৰ লগতে, টংলা, হাতীগড়, কলাইগাঁও, মাজবাট আদিত বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰাৰ বিপৰীতে বড়ো অধ্যুষিত ভেৰগাঁও, খইৰাবাৰি আদি অঞ্চলত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত নহ’ল।

একাংশ বন্ধ সমৰ্থকে ঠায়ে ঠায়ে টায়াৰ আদি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে যদিও কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ অহা নাই। আনহাতে জিলাখনৰ মুখ্য চহৰকেইখনত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ দল মোতায়েন আছিল।

অসমৰ ৬ জনগোষ্ঠীক চৰকাৰে জনজাতিৰ নিদিয়াৰ পৰ্যন্ত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আছাৰ ওডালগুৰিৰ জিলা সভাপতি টিংকু ওৰাঙে মন্তব্য কৰে।

আনহাতে একাংশ সংগঠনে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিৰোধিতা কৰি অহা প্ৰসংগত নেতাজনে তেওঁলোকক এইক্ষেত্ৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

Related News