NORTHEAST NOW (Assamese)

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ক’লা পতাকাৰ সন্মুখীন লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা

January 18, 2019 8:50 pm · এন ই নাও নিউজ
Updated: January 18, 2019 8:53 pm

ক’লা পতাকাৰ পৰা ৰেহাই পোৱা নাই বিজেপিৰ কোনো মন্ত্ৰী, বিধায়ক তথা সাংসদে। আজি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অধীনৰ ফিল’বাৰীত ক’লা পতাকাৰ সন্মুখীন হয় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা।

উল্লেখযোগ্য যে আজি ফিল’বাৰীত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অৱস্থাতে আছু, যুৱ ছাত্ৰ পৰিষদ, মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে সাংসদ প্ৰদান বৰুৱাৰ কনভয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দল-সংগঠনৰ নেতৃত্বই সাংসদ প্ৰদান বৰুৱাৰ কনভয়ৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰি ‘বিজেপি মুৰ্দাবাদ, বিজেপি ৱক থু, প্ৰদান বৰুৱা মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’ আদি প্ৰতিবাদী শ্ল’গান দিয়ে। লগতে জাতী ধ্বংসী বিধেয়ক বাতিল নকৰালৈকে ফিল’বাৰী অঞ্চলত বিজেপি চৰকাৰৰ কোনো জনপ্ৰতিনিধিকে প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে।

Related News