• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা’ বিৰোধী আন্দোলনত জেহাদী সোমাই থকাৰ দাবী ৰঞ্জিত দাসৰ, প্ৰমাণিত নহ’লে ত্যাগ কৰিব ৰাজনৈতিক জীৱন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 2, 2020 2:24 pm
1.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য ‘জ্বলাই’ যোৱা কা’ বিৰোধী আন্দোলনৰ মাজত জেহাদীৰ ‘গোন্ধ’ পাইছে বিজেপিৰ ৰাজ্যিক সভাপতি সভাপতি ৰঞ্জিত দাসে। দাসৰ মতে জেহাদীয়ে দিচপুৰৰ জনতা ভৱন জ্বলাই দিয়া পৰিকল্পনা কৰিছিল।

আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি দাসে তেওঁৰ কথা সত্য প্ৰমাণিত নহ’লে ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলিও ঘোষণা কৰে।

সাংবাদিকসকলক উদ্দেশ্যে তেওঁ কয়, ‘বেলতলাৰ পৰা হাতীগাঁওলৈকে যিমান খিলঞ্জীয়া লোক আছে প্ৰত্যেককে স্পাই কেমেৰাৰে শোধক তেতিয়া জনতা ভৱন জ্বলোৱাৰ পৰিকল্পনাৰ লগত কোন জড়িত আছিল গম পাব। যদি এই কামৰ লগত জেহাদী জড়িত নাই বুলি তেওঁলোকে কয় তেন্তে মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। ‘

‘মই নিজেই ৪০০ ভিডিও ফুটেজ চালো। কেইবাগৰাকীয়েও পকেটত মেচ লৈ অহা দেখিবলৈ পাইছো। পকেটত মেচ লৈ আন্দোলন কৰা এইবাৰহে দেখিলো।‘ দাসে কয়।

আৰক্ষীয়ে ব্যৱস্থা নোলোৱা হ’লে জনতা ভৱন জ্বলাই দিলেহেঁতেন বুলি মন্তব্য কৰি তেওঁ কয় যে একেধৰণে বৰপেটাটো উপায়ুক্তৰ কাৰ্যালয় জ্বলাই দি এন আৰ চি ৰ নথি পত্ৰ জ্বলাই দিলেহেঁতেন।

আনহাতে চাবুৱা কাণ্ডত মাওবাদী আৰু কৃষক মুক্তি জড়িত থকা বুলি কয় সভাপতি গৰাকীয়ে।

‘পূৰ্বতে কোনেও বিধায়কৰ ঘৰ জ্বলাই প্ৰতিবাদ কৰা নাছিল। চাবুৱা কাণ্ডৰ লগত মাওবাদী আৰু কৃষক মুক্তিৰ সম্পৰ্ক আছে। কংগ্ৰেছো জড়িত আছে। আমি ৰাজ্য চৰকাৰক দাবী জনাইছো জড়িত দুস্কৃতিকাৰীক শাস্তি বিহিবলৈ।‘ তেওঁ কয়।

সংবাদমেলত প্ৰবজনকাৰীক এক ইঞ্চি মাটিও দিয়া নহয় বুলি উল্লেখ কৰি তেওঁ আৰু ‘খিলঞ্জীয়া ভূমি পুত্ৰৰ বাহিৰে কোনোবাই ভূমি বিচাৰি বিধানসভা মজিয়াত আত্মহত্যা কৰিলেও আমি মাটি নিদিওঁ।‘

‘আমি দিল্লীৰ বহতিয়া নহয়, অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যি কৰিব লাগে সেয়া সংবিধান সংশোধন কৰি হ’লেও কৰা হ’ব।‘ দাসৰ মন্তব্য।

অসমৰ বিদেশী সমস্যাৰ বাবে কংগ্ৰেছক দায়ী কৰি তেওঁ কয়, ‘ৰাজীৱ গান্ধীয়ে ১৯৮৫ চনত চুক্তি কৰি অসমবাসীক প্ৰবঞ্ছনা কৰিলে। ‘৫১ৰ পৰা ‘৭১লৈকে অহা বিদেশীক আদৰি ল’লে। কংগ্ৰেছীসকলে ৮৫৫ গৰাকী চহিদৰ ঘৰলৈ গৈ খবৰ লওক, আজিলৈকে ঘৰলৈ গৈ খবৰ নল’লে।‘

অহা ’২১ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১০০খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰি তেওঁ কয়, ‘৪২ লাখ কাৰ্যকৰ্তা যেতিয়ালৈ বাছি থাকিব তেতিয়ালৈকে অসমীয়া জাতি বাছি থাকিব।‘

ৰাজ্যৰ বিভিন্ন স্থানত মুখ্য মন্ত্ৰীকে ধৰি আন মন্ত্ৰী বিধায়কক ক’লা পতাকা দেখুওৱা প্ৰতিবাদকাৰীক উদ্দেশ্যি তেওঁ কয়, ক’লা পতকা দেখুৱাই দেখুৱাওক, সেইটো গণতান্ত্ৰিক অধিকাৰ। শান্তিপূৰ্ণভাৱে কৰবাত বহি ক’লা পতকা দেখুৱালে ভাল পাওঁ, কিন্তু গাড়ীৰ আগলৈ আহিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে আৰক্ষীয়ে বাধা দিয়ে।‘

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd