অসম আন্দোলনেই সফল নহ’ল, এইটো কিহৰ আন্দোলন : ৰঞ্জিত দাস

অসমৰ জনগণ আৰু দল-সংগঠনৰ আন্দোলনক চৰম উপলুঙা ৰাজ্যিক বিজেপিৰ সভাপতিৰ

ranjit-das

ৰঞ্জিত দাস। ফাইল ফটো।

অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত অসমৰ জনগণ আৰু দল-সংগঠনে কৰি অহা আন্দোলনক চৰম উপলুঙা কৰি ইয়াক ‘কিহৰ আন্দোলন’ বুলি উপলুঙা কৰে। ‘৮৬০জন চহিদ হোৱা অসম আন্দোলনেই সফল নহ’ল, এইটো কিহৰ আন্দোলন?’ সংবাদ মাধ্যমৰ আগত ৰঞ্জিত দাসে কয়।

ৰাজ্যিক বিজেপিৰ সভাপতিজনে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী আন্দোলন কৰাটো ডাঙৰ কথা নহয় বুলি কোৱাৰ লগতে এই আন্দোলনক অৰ্থহীন আখ্যা দিয়ে। ‘বিধেয়কত কি আছে নজনাকৈয়ে কৰা আন্দোলন অৰ্থহীন’ দাসে কয়।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় কমিটীয়ে ৩১ ডিচেম্বৰত বহা ইয়াৰ এখন বৈঠকত বিধেয়কখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগ বঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ লগে লগে এই সিদ্ধান্তৰ প্ৰতিবাদ আৰু বিধেয়কখন বাতিলৰ দাবীত আছু, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসমত জাতীয় দল-সংগঠনবোৰে কালিৰ পৰা পুনৰ আন্দোলনৰ কাৰ্য্যসূচী লৈছে।

অসমীয়া জাতিৰ বাবে ভয়ংকৰ বিপদ মাতিব পৰা বিধেয়কখনক লৈ অসমৰ জনগণ, দল-সংগঠন উদ্বিগ্ন হৈ থকাৰ সময়তে শাসক দলটোৰ সভাপতিজনৰ এই উপলুঙাসূচক মন্তব্যই সকলোকে আচৰিত কৰিছে। দাসৰ মন্তব্যত আছু, কৃষক মুক্তিকে ধৰি ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আন্দোলন কৰি থকা দল-সংগঠনবোৰৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া লক্ষণীয় হ’ব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মিত্ৰ দল অগপকে ধৰি অসমত প্ৰায়বোৰ দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে যদিও বিজপিয়ে বিধেয়কখনলৈ সমৰ্থন আগ বঢ়াই আহিছে।