কোনো স্বাভিমানী অসমীয়াই মহাপুৰুষজনাক কৰা অপমান সহ্য নকৰে : আজমলৰ বিৰুদ্ধে ক্ষোভ বিজেপিৰ

"সততে জাতিয়বাদী বুলি পৰিচয় প্ৰদৰ্শন কৰা অসমৰ দল সংগঠন এতিয়া নিমাত কিয়?" ৰূপম গোস্বামী

BJP reaction on Ajmal speech

গুৱাহাটীত বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে শেহতীয়াকৈ অসমীয়া জাতিৰ প্ৰাণদাতা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক চাহাব বুলি আখ্যা দিয়ক লৈ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে ।

মঙ্গলবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে আজমলক সকীয়াই দি কয়, “গুৰুজনাৰ প্ৰতি এইয়া চৰম অপমান, কোনো স্বাভিমানী অসমীয়াই এই অপমান সহ্য নকৰে।”

আজমলে গুৰুজনাক কৰা অপমানৰ বাখ্যা কৰাৰ প্ৰয়োজন আছে বুলি দাবী কৰি গোস্বামীয়ে লগতে কয়, “যিদৰে ৮০০ বছৰৰ আগতে মোগল সকলে ভাৰতবৰ্ষক  আক্ৰমণ কৰিছিল তেনে এক ৰূপৰেখাই বৰ্তমান আমাৰ সমাজত দৃষ্টিগোচৰ হৈছে। খিলঞ্জীয়া জাতি-জনজাতি, বঙালী,মাৰোৱাৰী আদি সকলো মিলি বৰ অসমত শান্তিৰে বসবাস কৰি আছে, কোনেও কাকো একো ক্ষতি কৰা নাই।”

“কিন্তু পূৰ্ব বংগীয় পৰা অহা অবৈধ মুছলমানসকলে অসমীয়া ভাষা, সংস্কৃতিৰ ওপৰত অবিৰামভাবে আক্ৰমণ চলাই আহিছে। ১৯৭১ চনৰ খাতিৰত তেওঁলোক ভাৰতীয় হ’লেও প্ৰকৃত অসমীয়া হ’ব পৰা নাই,’’- গোস্বামীয়ে লগতে উল্লেখ কৰি কয়।

পূৰ্ববংগীয় মুছলমানসকলে মিঞা মিউজিয়াম, মিঞা কবিতা, আৰৱীয় ভাষাৰ বেনাৰ ব্যৱহাৰ আদি কাৰ্যকলাপে তেওঁলোকৰ অসমীয়া জাতিটোৰ ওপৰত কৰা আগ্ৰহী চৰিত্ৰক ফুটাই তুলিছে বুলি কটাক্ষ কৰে গোস্বামীয়ে।

ইপিনে, পূৰ্ববংগীয়সকলৰ এনে জাতি বিৰোধী কামকাজৰ বিপৰীতে অসমৰ দল সংগঠনসমূহৰ নিৰৱ ভূমিকাক লৈ সৰৱ হৈ পৰিছে মুখ্য মুখপাত্ৰ গৰাকী।

এই সন্দৰ্ভত তেওঁ কয়, “সচেতন অসমীয়া ৰাইজে সকলো চাই আছে। নিজকে আঞ্চলিকতাবাদী বুলি পৰিচয় দিয়াসকলে এই সময়ত নিমাতী কইনাৰ ভাও জুৰিছে। জাতিটোৰ প্ৰতি এনে আক্ৰমণৰ সময়ত তেওঁলোকে প্ৰতিক্ৰিয়া ৰখাটো বাঞ্চনীয় আছিল।‘’