কংগ্ৰেছ তাৰকা ৰূপজ্যোতি বৰণৰ বাবে সাজু বিজেপি

গেৰুৱা দললৈ আহিবলৈ পূৰ্বচৰ্ত পৰিহাৰ কৰিব লাগিব মৰিয়নিৰ বিধায়কে। প্ৰবীণ নেতাৰ সতৰ্কীকৰণৰ বিপৰীতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে কৰিছে মন্তব্য।

Assam BJP ready to welcome Cong MLA Rupjyoti Kurmi to party

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম বিজেপি সভাপতি ৰঞ্জিত দাস। ফাইল ছবি।

মৰিয়নিৰ তিনিবাৰৰ বিধায়ক তথা দল আৰু সমষ্টিৰ বাহিৰতো একৰকম তাৰকাসদৃশ জনপ্ৰিয়তা থকা কংগ্ৰেছী ৰূপজ্যোতি কুৰ্মীক আদৰিবলৈ শাসক বিজেপি সাজু।

কিন্তু গেৰুৱা বসন পৰিধানৰ বাবে পূৰ্বচৰ্ত পৰিহাৰ কৰিব লাগিব বিধায়ক কুৰ্মীয়ে। কংগ্ৰেছ বিধায়কজনে শেহতীয়াকৈ নিজ মুখেৰেই বিজেপিত যোগদানৰ সম্ভাৱনা ঘোষণা কৰিছিল।

বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, ৰাজেন গোহাঁই আদি প্ৰবীণ নেতাৰ “সতৰ্কীকৰণ”ৰ বিপৰীতে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দেওবাৰে এই মন্তব্য কৰিছে।

“দেশ আৰু দলৰ কাৰণে কাম কৰিম বুলি ভাবি যদি বিজেপিত আহে তেন্তে তেওঁ (পঢ়ক-ৰূপজ্যোতি কুৰ্মী)ক আমি আদৰি ল’ম। কিন্তু পূৰ্বচৰ্ত লৈ অহা মানুহক দলে কেতিয়াও আদৰি নলয়,” গেৰুৱা দলে দেশব্যাপী আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অংশৰূপে ৰূপহীহাটত আয়োজিত এক সভাত দাসে কয়।

নুশুকোৱা ঘাঁৰ দৰে শাসক দলটোৰ সংগী হোৱা “ন বিজেপি-পুৰণি বিজেপি” চৰ্চা অব্যাহত ৰাখি নগাৱঁৰ প্ৰাক্তন সাংসদ গোহাঁয়ে ৰূপজ্যোতি আগমনক লৈ শেহতীয়াকৈ কৰা মন্তব্য তেওঁৰ ব্যক্তিগত বুলিও দাসে মন্তব্য কৰিছে।

“সেয়া প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ একান্ত ব্যক্তিগত মতামত হব পাৰে, দলৰ মতামত নহয়। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ দল হোৱা হেতুকে সাধাৰণ সদস্যভৰ্তি পৰ্ব এক সৰ্বত্ৰব্যাপী অভিযান। গতিকে দলে নতুন সদস্যক আদৰি লোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া,” দাসে জনায়।

ৰূপহীহাট সমষ্টিৰ অন্তৰ্ভুক্ত নগাৱঁৰ কঢ়ালী গাৱঁত অনুষ্ঠিত সভাখনত কেইবাশও লোকে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰে।

সদস্য হোৱা লোকসকলৰ মাজত কংগ্ৰেছ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি দল-সংগঠনৰ সৈতে পূৰ্বে জৰিত লোকো আছে বুলি জানিব পৰা গৈছে।

সভাত দাসৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া, নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিজেপিৰ সংখ্যালঘু নেতা মোক্তাৰ হুছেইন খান আদিও উপস্থিত আছিল।

সংখ্যালঘু ভোটাৰৰ নিৰ্ণায়ক ভূমিকা থকা ৰূপহীহাট সমষ্টি ’২১ৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ হাতলৈ যোৱাটো নিশ্চিত বুলিও সভাত সভাপতি দাসে মন্তব্য কৰে।

লগতে পঢ়ক– পৰাজয়ৰ আশংকাত বিজেপিলৈ ৰূপজ্যোতি?

“মোৰ লক্ষ্য ৰূপহীহাট সমষ্টিক বাদ দি ৯০খন আসন আছিল যদিও আজিৰ পৰা আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে নতুন লক্ষ্য হৈ পৰিল ৯১খন আসন,” দাসে কয়।