• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছৰ উথলি উঠে অসম প্ৰেম : বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2019 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচন অহাৰ লগে লগে যেন অসমৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম উথলি উঠিছে, প্ৰতিশ্ৰুতিৰ বন্যা বৈছে।‘ প্রথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত কেইটামান ঘন্টা বাকী থকা সময়তে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে লোকসভা মেডিয়া বিভাগৰ সদস্য ধ্ৰুৱপ্ৰসাদ বৈশ্যই।

মন কৰিবলগীয়া যে প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰিবলৈহে যেন বৈশ্যই আজি সম্বোধন কৰিছিল সংবাদমেল।

তদুপৰি কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা, নিপীড়ন, অত্যাচাৰৰ শাসন বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।

আনহাতে অসমৰ অসমীয়াৰ প্ৰতি কংগ্ৰেছৰ কোনোধৰণৰ আন্তৰিকতা নাই বুলি তেওঁ কংগ্ৰেছ দলটোক কটাক্ষ কৰে।

‘কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই আৰু অসমৰ জনসাধাৰণক নিজৰ বুলি কেতিয়াও কোৱা নাই।‘ সংবাদমেলত মন্তব্য বৈশ্যৰ।

তাৎপয্যপূৰ্ণভাৱে কেৱল প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰিবৰ বাবে সম্বোধন কৰা সংবাদমেলখনত ‘লুণ্ঠনকাৰী দল’ আখ্যা দিয়ে বৈশ্যই।

‘কংগ্ৰেছৰ শাসকৰ লোলুপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে। অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য।‘ এইদৰে কয় বৈশ্যই।

ইয়াৰোপৰি তেওঁ কয় ‘স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। এই ষড়যন্ত্ৰ ব্যৰ্থ হ’ল। পৰৱৰ্তী সময়তো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে।‘

ইপিনে কংগ্ৰেছ মানেই অসমক প্ৰবঞ্চনা কৰা ইতিহাস বুলি মন্তব্য কৰি তেওঁ কয় ‘কংগ্ৰেছে এতিয়া দেশৰ বাবে চকুপানী বোৱাবলৈ আৰম্ভ কৰিছে। এয়া ঘৰীয়ালৰ চকুপানী। কংগ্ৰেছে এটা সময়ত শ্ল’গান দিছিল নিৰ্বাচনত গৰিবী হটাও। গৰিবী দূৰ নহ’ল। গৰীব মানুহহে দূৰ হ’ল।‘

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি তেওঁ উল্লেখ কৰাৰ লগতে মুল্যবৃদ্ধিটো লোকসভা নিৰ্বাচনৰ ইচ্ছ্যু নহয় বুলি দাবী কৰে।

‘এইবাৰ নিৰ্বাচনত মূল্যবৃদ্ধি এটা বিষয় হৈ থকা নাই। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ভাৰতীয় জনতা পাৰ্টি সফল হৈছে। ভাৰতবৰ্ষৰ মৰ্যাদা দিনক দিনে বৃদ্ধি পাই আহিছে। এখন সবল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু প্ৰতিজন ভাৰতবাসী মৰ্যাদা পূৰ্ণ বিশ্বত মৰ্যাদা পূৰ্ণ নাগৰিক হিচাপে গৌৰৱ বোধ কৰিবলৈ আৰম্ভ কৰিছে।‘ বৈশ্যই এইদৰে কয়।

আনহাতে উক্ত সংবাদমেলতে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ গোপন মিতিৰালি চলি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাই।

‘এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ছোনীয়া গান্ধীৰ সৈতে ফটো উঠি ভাল পায়। য়ুপিএৰ অংশীদাৰ হয় বুলি কোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছে কিয় বিৰোধিতা নকৰে? কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত কোনো পাৰ্থক্য নাই বুলি অসমবাসীয়ে বুজি পাইছে।‘ বৈশ্যৰ মন্তব্য।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am
স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

স্বামীক পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলৈ হেঁচা দিয়াটো মানসিক নিৰ্যাতন; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

September 19, 2025 10:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd