• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছৰ উথলি উঠে অসম প্ৰেম : বিজেপি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 10, 2019 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নিৰ্বাচন অহাৰ লগে লগে যেন অসমৰ প্ৰতি কংগ্ৰেছৰ প্ৰেম উথলি উঠিছে, প্ৰতিশ্ৰুতিৰ বন্যা বৈছে।‘ প্রথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত কেইটামান ঘন্টা বাকী থকা সময়তে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে লোকসভা মেডিয়া বিভাগৰ সদস্য ধ্ৰুৱপ্ৰসাদ বৈশ্যই।

মন কৰিবলগীয়া যে প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰিবলৈহে যেন বৈশ্যই আজি সম্বোধন কৰিছিল সংবাদমেল।

Apply Now

তদুপৰি কংগ্ৰেছৰ শাসন মানেই অসমবাসীৰ বাবে শোষণ, বঞ্চনা, নিপীড়ন, অত্যাচাৰৰ শাসন বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে।

আনহাতে অসমৰ অসমীয়াৰ প্ৰতি কংগ্ৰেছৰ কোনোধৰণৰ আন্তৰিকতা নাই বুলি তেওঁ কংগ্ৰেছ দলটোক কটাক্ষ কৰে।

‘কংগ্ৰেছে কোনো কালেই অসমবাসীৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা নাই আৰু অসমৰ জনসাধাৰণক নিজৰ বুলি কেতিয়াও কোৱা নাই।‘ সংবাদমেলত মন্তব্য বৈশ্যৰ।

তাৎপয্যপূৰ্ণভাৱে কেৱল প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰিবৰ বাবে সম্বোধন কৰা সংবাদমেলখনত ‘লুণ্ঠনকাৰী দল’ আখ্যা দিয়ে বৈশ্যই।

‘কংগ্ৰেছৰ শাসকৰ লোলুপ দৃষ্টি আছিল কেৱল অসমৰ সম্পদৰ প্ৰতিহে। অসমৰ সম্পদ লুণ্ঠন কৰাটোৱেই কংগ্ৰেছৰ লক্ষ্য।‘ এইদৰে কয় বৈশ্যই।

ইয়াৰোপৰি তেওঁ কয় ‘স্বাধীনতাৰ সময়তেই অসমৰ নেতৃত্বই অসমক পূব পাকিস্তানৰ লগত চামিল কৰিবলৈ প্ৰচেষ্টা চলাইছিল। এই ষড়যন্ত্ৰ ব্যৰ্থ হ’ল। পৰৱৰ্তী সময়তো কংগ্ৰেছ নেতৃত্বই অসমৰ প্ৰতি মাহী আইৰ দৃষ্টি ভংগী লৈ আহিছে।‘

ইপিনে কংগ্ৰেছ মানেই অসমক প্ৰবঞ্চনা কৰা ইতিহাস বুলি মন্তব্য কৰি তেওঁ কয় ‘কংগ্ৰেছে এতিয়া দেশৰ বাবে চকুপানী বোৱাবলৈ আৰম্ভ কৰিছে। এয়া ঘৰীয়ালৰ চকুপানী। কংগ্ৰেছে এটা সময়ত শ্ল’গান দিছিল নিৰ্বাচনত গৰিবী হটাও। গৰিবী দূৰ নহ’ল। গৰীব মানুহহে দূৰ হ’ল।‘

তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু এন ডি এ চৰকাৰ ভাৰতীয় জনতা পাৰ্টী এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি তেওঁ উল্লেখ কৰাৰ লগতে মুল্যবৃদ্ধিটো লোকসভা নিৰ্বাচনৰ ইচ্ছ্যু নহয় বুলি দাবী কৰে।

‘এইবাৰ নিৰ্বাচনত মূল্যবৃদ্ধি এটা বিষয় হৈ থকা নাই। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ভাৰতীয় জনতা পাৰ্টি সফল হৈছে। ভাৰতবৰ্ষৰ মৰ্যাদা দিনক দিনে বৃদ্ধি পাই আহিছে। এখন সবল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু প্ৰতিজন ভাৰতবাসী মৰ্যাদা পূৰ্ণ বিশ্বত মৰ্যাদা পূৰ্ণ নাগৰিক হিচাপে গৌৰৱ বোধ কৰিবলৈ আৰম্ভ কৰিছে।‘ বৈশ্যই এইদৰে কয়।

আনহাতে উক্ত সংবাদমেলতে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ গোপন মিতিৰালি চলি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাই।

‘এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ছোনীয়া গান্ধীৰ সৈতে ফটো উঠি ভাল পায়। য়ুপিএৰ অংশীদাৰ হয় বুলি কোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছে কিয় বিৰোধিতা নকৰে? কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত কোনো পাৰ্থক্য নাই বুলি অসমবাসীয়ে বুজি পাইছে।‘ বৈশ্যৰ মন্তব্য।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd