এইবাৰ ৰাইজক দিবলৈ একো নাই; ইস্তাহাৰৰ সলনি বিজেপিয়ে প্ৰকাশ কৰিব গোহাৰি পত্ৰ

যোৱাবাৰ ‘অচ্চে দিন’ৰ সপোন বেচা বিজেপিৰ হাতত এইবাৰ একো নাই ভোটাৰলৈ; বৃহৎ ‘শূন্য’ লৈ নিৰ্বাচনত শাসকীয় দল

Modi_Ache Din

যোৱাবাৰ অচ্চে দিনৰ সপোন বেচা বিজেপি এইবাৰ হাতত এটা বৃহৎ ‘০’ লৈ নিৰ্বাচনী ৰণত নামিছে নেকি?

নিৰ্বাচনী প্ৰচাৰ সভাবোৰত নেতাসকলে কেৱল সাধাৰণভাৱে ‘বিকাশ’ শব্দটো উল্লেখ কৰিলেও আগৰবাৰৰ দৰে গেৰুৱা দলটোৱে ভোটাৰলৈ স্পষ্ট কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি আগ বঢ়োৱা নাই।

আনকি এই পৰ্য্যন্ত, লোকসভা নিৰ্বাচনলৈ মাজত এসপ্তাহৰো কম সময় থকা সত্ত্বেও শাসনত থকা দলটোৱে প্ৰকাশ কৰিব পৰা নাই নিৰ্বাচনী ইস্তাহাৰ। নিজৰ কৰ্ম আঁচনি বা লক্ষ্য দাঙি ধৰাৰ পৰিৱৰ্তে পূৰ্বৰ চৰকাৰ আৰু কংগ্ৰেছ দলক সমালোচনাৰেই নিৰ্বাচন পাৰ হোৱাৰ চেষ্টা কৰা দেখা গৈছে দলটোক।

মোদীক প্ৰধান মন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা দলটোৱে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ভোটাৰক দিছিল বহু প্ৰতিশ্ৰুতি। অসমৰ ৰাইজকো দিছিল বহু লোভনীয় প্ৰতিশ্ৰুতি।

তাৰ ভিতৰত ৬ জনগোষ্ঠীক জনজাতিকৰণ, মূল্যবৃদ্ধি ৰোধ, বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, বিদেশী বহিষ্কৰণ, অসম চুক্তিৰ ৬ নং দফাৰ সফল ৰূপায়ণ আৰু দৰিদ্ৰতা নিৰ্মূল ইত্যাদি অন্যতম। দেশৰ প্ৰেক্ষাপটত ক’লা ধন ঘূৰাই অনা, বছৰি ২ কোটি যুৱকক চাকৰি, দুৰ্নীতিমুক্ত ভাৰত, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, দুৰ্নীতিত লিপ্তসকলক জেইললৈ প্ৰেৰণ আদি। এইবোৰ লক্ষ্য পূৰণ কৰি তেওঁলোকে দেশবাসীলৈ অচ্চে দিন অনাৰ কথা কৈছিল।

কিন্তু প্ৰতিশ্ৰুতিৰ বন্যাৰে শাসনৰ গাদী দখল কৰাৰ পিছত এই সকলোবোৰ যেন পাহৰি পেলালে বিজেপিয়ে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহ’ল, বান-খহনীয়া সমস্যাৰ সমাধান নহ’ল, বিদেশী বহিষ্কৰণ নহ’ল, অসম চুক্তিৰ ৬ নং দফাৰ বাবে একো নহ’ল, মুঠতে প্ৰায় সকলো প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।

সেয়েহে পুনৰ একেবোৰ প্ৰতিশ্ৰুতি ইস্তাহাৰত প্ৰকাশ কৰি ৰাইজৰ কাষ চপাৰ সাহস গোটাব পৰা নাই বিজেপিয়ে। ফলত নিৰ্বাচনী ইস্তাহাৰ নাই এইবাৰ ৰাজ্যিক বিজেপিৰ। তেওঁলোকে ইস্তাহাৰৰ ঠাইত এখন সাধাৰণ গোহাৰি উলিয়াব। এই কথা জনালো খোদ সভাপতি ৰঞ্জিত দাসে।

আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সম্বোধন কৰা এক সংবাদমেলত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে ‘নিৰ্বাচনী ইস্তাহাৰ অবিহনে কিদৰে জনসাধাৰণৰ কাষ চাপিব?’ বুলি কৰা এক প্ৰশ্নৰ উত্তৰত ইস্তাহাৰৰ সলনি দুই এদিনতে এখন ‘গোহাৰি পত্ৰ’ প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে সভাপতিজনে।

‘ইস্তাহাৰখন ডাঙৰ কথা নহয়’ বুলিও মন্তব্য কৰে ১৪খন আসনৰ আটাইকেইখন দখলৰ সপোন দেখা সভাপতি দাসে। ইয়াৰ পৰাই বুজিব পাৰি যে পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰ অপূৰ্ণ হৈ ৰোৱা বাবে নতুন প্ৰতিশ্ৰুতিৰে ভোটাৰৰ কাষ চপাৰ সাহস হোৱা নাই দলটোৰ।

ইতিমধ্যে প্ৰধান বিৰোধী দল কংগ্ৰেছ, এ আই য়ু ডি এফ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে।