ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ পদবীলৈ অসম সন্তান ৰাণা প্ৰতাপ কলিতা

kalita-pic-1-1140x570

লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা

অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই শুকুৰবাৰে ভাৰতীয় সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অফ ষ্টাফ (চি অ’ এছ) হিচাপে যোগদান কৰিছে।

কলিতা ৰাজ্যখনৰ পৰা নিৰ্বাচিত হোৱা দ্বিতীয়গৰাকী লেফটেনেন্ট জেনেৰেল আৰু ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অফ ষ্টাফ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া।

উল্লেখযোগ্য যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত পৰে। ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অফ ষ্টাফ হিচাপে নিযুক্তি লাভ কৰাৰ পূর্বে ৰাণা প্ৰতাপ কলিতাই সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আহিছে।

কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত গোৱালপাৰাৰ সৈনিক স্কুলতো অধ্যয়ন কৰিছিল। ১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ কমিশ্যন বিষয়া হিচাপে যোগদান কৰি ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত ৭১ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত ১৯ ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছে।

কলিতাই ইয়াৰ উপৰি শ্ৰীনগৰত ভাৰতীয় সেনাৰ ১৫ ক’ৰৰ ব্ৰিগেডিয়েৰ জেনেৰেল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি,তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীৰো সদস্য আছিল।

আনহাতে, প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম যাত্ৰাত মেজৰ জেনেৰেল কলিতা অতি নিবিড়ভাৱে জড়িত আছিল। যোৱা বছৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অন্তিম সংস্কাৰ ভাৰতীয় সেনাই অত্যন্ত শৃংখলাবদ্ধ তথা সুকলমে সম্পন্ন কৰিছিল আৰু গোটেই অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে কলিতাই দায়িত্ব পালন কৰিছিল।

ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতা আৰু ৰেনু কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাৰ পুত্ৰ নিশান্ত কলিতাও ভাৰতীয় সেনাৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত। তেওঁৰ ৰঙিয়াৰ বাসগৃহত বৰ্তমান মাতৃকে ধৰি ভাতৃ আৰু আন আত্মীয় লোকে বাস কই আছে।

উল্লেখযোগ্য যে ৰাণা প্ৰতাপ কলিতাই তেওঁৰ দক্ষতাৰ স্বীকৃতি হিচাপে যোৱা বছৰ ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ লাভ কৰিছিল।