বুকুলৈকে বানত বুৰি ৰাষ্ট্ৰীয় পতাকাক চালাম দিয়া হায়দৰ হেৰাল!

photo anand bajar patrika

বাতৰিত দেখা ছবিখন আপুনি নিশ্চয় দেখিছে। অসমৰ দক্ষিণ শালমাৰাৰ বানত বুৰি থকা এখন বিদ্যালয়ত প্ৰধান শিক্ষকে লগত দুজন ছাত্ৰক লৈ যোৱা ২০১৭ চনত স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰাৰ এই ছবিয়ে দেশজুৰি আলোড়ণ কৰিছিল।

ছবিখনত দেখা দুগৰাকী কণমানিৰে এজন হায়দৰ। সেই হায়দৰৰে বোলে নাম হেৰাইছে এন আৰ চিৰ চূড়ান্ত খচৰাত!

স্বাধীনতা দিৱসৰ দিনটোতে দেওবাৰে এই বাতৰি পৰিৱেশন কৰিছে বাংলা বাতৰি কাকত আনন্দ বাজাৰ পত্ৰিকাই।

খচৰাত নাম নহা হায়দৰৰ আছে আৰু এক হৃদয় বিদাৰক কাহিনী। বিটিএদিত কিছু বছৰ পূৰ্বে স্ংখ্যালঘু লোকসকলৰ ওপৰত হোৱা আক্ৰমণত আততায়ীৰ গুলীত হায়দৰে হেৰুৱাইছিল দেউতাক ৰুপনাল খানক।

এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা হায়দৰৰ মাকক বোলে জনোৱা হৈছে যে জন্মৰ প্ৰমাণ পত্ৰত কিবা ভুল হোৱাৰ বাবে হায়দৰৰ নাম খচৰাত অহা নাই।

পানীত বুৰিও ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাক গোটেই দেশে জনোৱা উষ্ণ আদৰণিয়ে অতি পিছপৰা অঞ্চলটোলৈ উন্নতি কঢ়িয়াই আনিব বুলিও আশা পালিছিল গাওঁবাসীয়ে। স্বাধীনতা দিৱস গ’ল, হৈ চৈ লাগিল, আকৌ আজি আৰু এটা স্বাধীনতা দিৱস পাৰ হ’ল; কিন্তু আজিও পৰিৱৰ্তন নাহিল দক্ষিণ শালমাৰাৰ সেই গাওঁখনলৈ।

‘আমাৰ ইয়াৰ পৰা ধুবুৰীলৈ যাবলৈও ২ঘণ্টা লাগে। ৰাষ্টা-ঘাট নাই। যোৱাবাৰ হুলস্থূল লাগোতে ভাবিছিলো এইবাৰ এলেকাটোৰ উন্নতি হ’ব। কিন্তু একো নহ’ল,’ আনন্দ বাজাৰ পত্ৰিকাক জনাইছে সেই ভাইৰেল ফট’খন ফে’ছবুকত দিয়া শিক্ষক মিজানুৰে।