NORTHEAST NOW (Assamese)

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

January 27, 2021 7:15 pm · পাৰ্শ্বজ্যোতি গগৈ

এইবাৰ  অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত  এই মন্তব্য কৰিলে  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ বাবেও কিবা দিবলৈ চিন্তা কৰিব মন্ত্ৰী গৰাকীয়ে কথা দিয়ে।

আজি শিৱসাগৰত  স্বয়ম আঁচনিৰ হিতাধিকাৰীৰ মাজত অনুমোদন পত্ৰ বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

সাংবাদিকৰ প্ৰশ্ন,  ল’ৰা বিলাকৰ বহুত দুখ, সকলোৱে বুলেটৰ কথা কৈছে। স্বভাৱসুলভ হাঁহিৰে মন্ত্ৰীৰ উত্তৰ, বুলেট দিবই লাগিব। বহুত দামী কিন্তু। বুলেট দিব বুলি শুনি সাংবাদিকসকলনো কিয় বহি থাকে? মন্ত্ৰীক ওচৰতে পাই সুধিয়েই দিলে— আমাৰ সাংবাদিক সকলক কিবা দিব নেকি বুলি। মন্ত্ৰীৰ উত্তৰ কি দিব লাগিব? দুই এদিনতে চিন্তা কৰি জনাই আছো।

ইপিনে অসমৰ দুই নম্বৰৰ মন্ত্ৰী গৰাকীক ওচৰতে পাই তত নাই শিৱসাগৰৰ মহিলাৰ গাতো।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত চেলফী উঠিবলৈ হেতাওপৰা লগালে  একাংশ মহিলাই।

অসমৰ ল’ৰাক বুলেট দিয়াৰ বিষয়টোকলৈ এতিয়া বহুতৰে মাজত চৰ্চাও হোৱা দেখা গৈছে।

কি ঠিক নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ সঁচাকৈয়ে বুলেট দিবও পাৰে। বিজেপিৰ চৰকাৰ খনে এতিয়া উন্নয়ন অথবা নিৱনুৱা সমস্যাৰ সমাধানৰ  সলনি হিতাধিকাৰীৰ ৰাজনীতত নামি পৰা বুলিহে বহুতে চৰ্চা কৰিবলৈ লৈছে।

Related News