অসমৰ ২০২১-২২ বৰ্ষৰ বাজেট আছিল অবাস্তৱিক আৰু অতিমাত্ৰা আনুমানিক। অসম বাজেট সন্দৰ্ভত এই বক্তব্য প্ৰকাশ কৰিছে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক, চমুকৈ কেগ- এ।
কেগে লগতে ৰাজ্য চৰকাৰক নিৰ্ভৰযোগ্য অনুমানৰ ভিত্তিত খৰচৰ শিতান প্ৰণয়ন কৰিবলৈ পৰামৰ্শ দিছে। কেগে অসমৰ ৰাজহুৱা ঋণৰ হাৰ বৃদ্ধিৰ ওপৰতো আলোকপাত কৰে আৰু অসম চৰকাৰক ৰাজহ ব্যয় হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়ে।
অসম বিধানসভাত দাখিল কৰা ২০২২ চনৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বৰ্ষৰ ৰাজ্যিক বিত্ত নিৰীক্ষণ প্ৰতিবেদনত কেগে কয় যে অসম চৰকাৰৰ আনুমানিক ১,১৯,৪২৩.০৫ কোটি টকাৰ বিপৰীতে বছৰটোৰ প্ৰকৃত ৰচিদ ৯৯,৫৪৮.৮৩ কোটি টকা।
ইয়াৰ ফলত ১,৩৬,৫৫৪.৬৯ কোটি টকাৰ আনুমানিক ব্যয়ৰ বিপৰীতে ব্যয় ১,০৭,৮১৪.৬২ কোটি টকালৈ সীমাবদ্ধ হৈ পৰে। প্ৰকৃত পুঁজি অবিহনে বৃদ্ধি পোৱা বাজেটৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে কেগে অসম চৰকাৰক আবণ্টিত পুঁজিৰ ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে।
কেগৰ প্ৰতিবেদনত অসমৰ বাকী থকা ঋণ ২০১৭-১৮ চনত ৪৯,২৭৪.৮৮ কোটি টকাৰ পৰা ২০২১-২২ চনত ৯৯,৯১৮.৫৪ কোটি টকালৈ দ্রুতগতিত বৃদ্ধি পাইছে বুলিও আঙুলিয়াই দিয়ে।
তদুপৰি ৰাজহুৱা ঋণৰ হাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা ঋণ আৰু সুত পৰিশোধৰ ক্ষেত্ৰত হেঁচা পৰিব নোৱাৰাকৈ ৰাজ্য চৰকাৰে নিজৰ ৰাজহ বৃদ্ধি আৰু ৰাজহ ব্যয় হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাব পাৰে বুলিও কেগে ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়ায়।