নিজামুদ্দিনৰ পৰা অহা ১১৭ গৰাকী লোকে আত্মসমৰ্পণ নকৰিলে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে : চন্দ্ৰমোহন

‘ক’ৰ‍’না ভাইৰাছক লৈ ছ‍’চিয়েল মিডিয়াত সাম্প্ৰতিক বিষবাস্প নচটিয়াব’। এই আহ্বান পৰিবহন, উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।

এই মহামাৰী ভাইৰাছক লৈ ছ’চিয়েল মিডিয়াত সাম্প্ৰতিক বিষবাস্প চটিওৱা লোকসকলক এই আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।

ৰাজ্য চৰকাৰে অসমত চলাই থকা “চেনিটাইজ” বৰপেটাত কিমান সফল হৈছে তাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মন্ত্ৰীগৰাকীয়ে দিনৰ প্ৰায় ২ বজাত চহৰখনত উপস্থিত হয়।

বৰপেটা চহৰৰ পাঁচ আলি চ’কত মন্ত্ৰী গৰাকীয়ে নিজে অগ্নি নিৰ্বাপক গাড়ীৰ পাইপেৰে “চেনিটাইজ” কৰে৷ ইয়াৰ পিছতে তেওঁ সাংবাদিকৰ আগত কয় যে, বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীসকলে যি কষ্ট কৰি আছে সেয়া প্ৰশংসনীয় বুলি তেওঁ উল্লেখ কৰে।

বৰপেটা জিলাত এতিয়ালৈ এজনো ক’ৰ’না পজিটিভ নোলোৱাতো বৰপেটা জিলাৰ বাবে শুভ বাৰ্তা বুলি উল্লেখ কৰি লকডাউনৰ সময়খিনিত ৰাইজক ঘৰৰ ভিতৰত পৰিস্কাৰ পৰিচন্ন আৰু শৃংখলাবদ্ধভাৱে থকাৰ বাবে তেওঁ কাতৰ আহ্বান জনায়৷

লকডাউনৰ এই সময়খিনত ৰাইজক প্ৰদান কৰাৰ বাবে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত থকা বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

ইপিনে দিল্লীৰ নিজামুদ্দিনৰ পৰা অহা ১১৭ গৰাকী লোকে এতিয়াও স্বাস্থ্য পৰীক্ষা নকৰাত তেওঁ আক্ষেপ প্ৰকাশ কৰে।

ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই লোকসকলে যদিহে আত্মসমৰ্পণ নকৰে তেন্তে অচিৰেই এই লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দিয়ে।

মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা উপস্থিত থাকে৷