Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Assam Career

নুমলীগড় ৰিফাইনেৰী লিমিটেডত বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে
নুমলীগড় ৰিফাইনেৰী লিমিটেডে সহকাৰী বিষয়া- বাণিজ্যিক (প্ৰশিক্ষাৰ্থী), সহকাৰী একাউণ্ট বিষয়া আৰু বিষয়া (বিত্ত) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : সহকাৰী বিষয়া- বাণিজ্যিক (প্ৰশিক্ষাৰ্থী)
পদৰ সংখ্যা : ১
অত্যাৱশ্যকীয় অৰ্হতা: নূন্যম্নতম ৬০ শতাংশ  নম্বৰৰ সৈতে ইউজিচিৰ দ্বাৰা অনুমোদিত  স্বীকৃত বিশ্ববিদ্যালয় / প্ৰতিষ্ঠানৰ পৰা বাণিজ্য শাখাত ২ বছৰৰ পূৰ্ণকালীন স্নাতকোত্তৰ ডিগ্ৰী এমকম থাকিব লাগিব।
অভিজ্ঞতা : এই পদৰ বাবে কোনো পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন নাই
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
পদৰ নাম : সহকাৰী একাউণ্ট বিষয়া
পদৰ সংখ্যা : ২
অৰ্হতা:

Also read : Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

ক) চিএ / চিএমএ (মধ্যৱৰ্তী) পাছ আৰু আইআইত নিম্নতম ৬০ শতাংশ  নম্বৰৰ সৈতে ইউজিচিৰ দ্বাৰা অনুমোদিত স্বীকৃত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী থকা হ’ব লাগিব৷
অভিজ্ঞতা : এনে অৰ্হতা থকা প্ৰাথীৰ ৩ বছৰ অভিজ্ঞতা থাকিব লাগিব৷ (চিএ/চিএমএ (মধ্যৱৰ্তী) পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তাৰিখৰ পৰা অভিজ্ঞতা বিবেচনা কৰা হ’ব)
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
পদৰ নাম : বিষয়া (বিত্ত)
পদৰ সংখ্যা : ১
অৰ্হতা: চাৰ্টাৰ্ড একাউণ্টেণ্ট/ ব্যয় আৰু ব্যৱস্থাপনা একাউণ্টেণ্ট, ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান/ ভাৰতীয় ব্যয় একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ সদস্য পদ  থকা হ’ব লাগিব৷
অভিজ্ঞতা : প্ৰতিষ্ঠিত ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ কোম্পানীত বিত্তীয় কাৰ্যত  ৩ বছৰৰ অভিজ্ঞতা। চিএ/চিএমএ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ তাৰিখৰ পৰা এনে  অভিজ্ঞতা বিবেচনা কৰা হ’ব ৷
উৰ্ধতম বয়সৰ সীমাঃ ১-০৬-২০২২ তাৰিখে ৩২  বছৰ হ’ব লাগিব৷
বাছনি প্ৰক্ৰিয়া : লিখিত পৰীক্ষা আৰু ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব৷
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৮ জুলাই,২০২২  তাৰিখে ২৩ঃ৫৯ বজালৈকে ৱেবছাইট http://www.nrl.co.in/ ৰ জৰিয়তে ওপৰোক্ত পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব৷
বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
https://portal2.nrl.co.in/onlineapp/openAttachment.aspx?id=272

Also read : Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া