NORTHEAST NOW (Assamese)

নাছাৰ ‘নতুন আৱিস্কাৰ’ শিতানলৈ নিৰ্বাচিত অসমীয়া যুৱকৰ উদ্ভাৱন

July 18, 2019 8:06 pm · শান্তনু শইকীয়া
Updated: July 18, 2019 8:07 pm
চম্পক বৰা

উত্তৰ-গুৱাহাটীৰ চম্পক বৰা নামৰ এজন যুৱকে উদ্ভাৱন কৰা ‘অটোমেটিক কাউণ্টিং ডিভাইছ’ নামৰ এটা প্ৰকল্প‘নাছা’ই আয়োজন কৰা নতুন আবিস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। পেছাত শিক্ষক বৰাই ২০০৫ চনতো শব্দ পঠোৱা এটা যন্ত্ৰ উদ্ভাৱন কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পৰা সন্মানিত হৈছিল।

‘অটোমেটিক কাউনটিং ডিভাইছ’ৰ দ্বাৰা অতি সহজতে যিকোনো ধৰণৰ গণনা স্বয়ংসক্ৰিয়ভাৱে কৰিব পৰা যাৱ। ৰে’ল সেৱা, বিমান বন্দৰ, বাছ আস্থান আদিত এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যাব।

নাছালৈ নিৰ্বাচিত হোৱা প্ৰকল্পটো সন্দৰ্ভত বৰাই সাংবাদিকৰ আগত এনেদৰে কয় ‘‘মই এতিয়ালৈ সম্পূৰ্ণ সফল হোৱা নাই, ভোটৰ দ্বাৰাহে মোৰ প্ৰকল্পটো নিৰ্বাচিত হ’ব আৰু আৰু ভোটদানৰ অধিকাৰ থকা সকলে মোৰ প্ৰকল্পটো কিমান ভাল পাই তাৰ দ্বাৰা মোৰ স্থান নিৰূপন হ’ব’’।

প্ৰতিযোগিতা সম্বন্ধে বৰাই জনোৱামতে, এইটো এটা নাছাৰ গ্ল’বেল টেকন’লজি প্ৰতিযোগিতা য’ত বিশ্বৰ নতুন উদ্ভাৱক সকলৰ উদ্ভাৱনসমূহ নিৰ্বাচিত কৰা হয়। সাতটা শাখাত হ’বলগীয়া প্ৰতিযোগিতাখনত দুটা শাখাত হোৱা ভোটিঙৰ দ্বাৰা  নিৰ্বাচিত কৰা হ’ব। দুটা সাধাৰণ মানুহৰ ভোটৰ পৰা নিৰ্বাচিত হ’ব আৰু আনটো নাছাৰ  দ্বাৰা নিৰ্বাচিত হ’ব। অহা ৬ ছেপ্টেম্বৰত ভোটিং প্ৰক্ৰিয়া শেষ হ’ব। নিৰ্বাচিত সকলক ১০ নবেম্বৰত নিউৱৰ্ক চিটীত নাছাৰ দ্বাৰা সন্মানিত কৰা হব।

শেষত তেওঁ অসমৰ সকলো লোককে তেওঁৰ বাবে ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায়।

আনহাতে, কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসমৰ এডিছন খ্যাত উদ্ধৱ ভড়ালীয়ে বিভিন্ন সময়ত কৰি অহা বৈজ্ঞানিক উৎদ্ভাৱনৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ অৰ্জন কৰিছে।

Related News