হাড়গিলা আৰ্মিক হাড়গিলা সংৰক্ষণৰ দিশত উপযুক্ত পদক্ষেপ ল’বলৈ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

Assam CM story

মুখ্য মন্ত্ৰী সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুস্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ দিশত সহায়ক হোৱাকৈ দদৰিয়া, পচৰিয়া আৰু শিঙিমাৰি এলেকাত থকা বৃক্ষৰ জৰীপ চলোৱাৰ বাবে বন বিভাগৰ সহযোগত পদক্ষেপ লোৱাৰ বাবে কামৰূপ জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে।

মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্ণৱেল বিশ্ববিদ্যালয়ৰ এটা দলৰ দ্বাৰা অসমৰ হাড়গিলাৰ ওপৰত প্ৰস্তুত কৰা তথ্য চিত্ৰ এখন জনতাভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত উন্মোচন কৰি মুখ্য মন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে।

এই প্ৰসংগত মুখ্য মন্ত্ৰীয়ে কয় যে ওখ বৃক্ষই হ’ল হাড়গিলৰ বাসস্থান। সেয়েহে ওখ বৃক্ষৰ সংখ্যা বৃদ্ধিয়ে এই দুস্প্ৰাপ্য চৰাইবিধৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিত সহায় কৰে।

মুখ্য মন্ত্ৰীয়ে পাৰিপাৰ্শ্বিক সন্তুলনৰ দিশত সহায়ক হোৱাকৈ হাড়গিলা সংৰক্ষণৰ বাবে এক কৰ্ম আঁচনি প্ৰস্তুতৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে হাড়গিলা সংৰক্ষণৰ দিশত কামৰূপ জিলাকে ধৰি সমগ্ৰ ৰাজ্যখনত লোৱা সক্ৰিয় পদক্ষেপৰ বাবে ড০ পুৰ্ণিমা দেৱী বৰ্মন আৰু তেওঁৰ সহযোগী সকলে গঠন কৰা হাড়গিলা আৰ্মি নামৰ সংগঠনটোৱে লোৱা ভূমিকাৰো শলাগ লয়।

উল্লেখযোগ্য যে, হাড়গিলা আৰ্মি নামৰ এই সংগঠনটোৱে লোৱা সামূহিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত ২০০৮ চনৰ হাড়গিলা বাহৰ সংখ্যা ৩০ ৰ পৰা ২০১৪ চনত এই সংখ্যা ১৭১ লৈ বৃদ্ধি পাইছে।

সম্প্ৰতি ইয়াৰ গড় সংখ্যা হ’ল ২০০। তেওঁলোকে লোৱা পদক্ষেপৰ ফলশ্ৰুতিতে দদৰিয়া আৰু পচৰিয়া অঞ্চল হাড়গিলাৰ বৃহৎ বংশ বৃদ্ধিৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। এই সংৰক্ষণৰ ফলশ্ৰুতিতে কামৰূপ জিলাত হাড়গিলাৰ সংখ্যা বৃদ্ধি পাইছে।