শুক্ৰাচাৰ্য্য ৰাভাৰ বাদুংদুপ্পা কলা কেন্দ্ৰ পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
‘আণ্ডাৰ দ্যা শাল ট্ৰি’ নাট্য মহোৎসৱেৰে ৰাজ্যৰ নাট্য জগতত অভিনৱ ধাৰাৰ সূচনা কৰা প্ৰয়াত শিল্পী শুক্ৰাচাৰ্য্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলা কেন্দ্ৰ বুধবাৰে পৰিদৰ্শন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গোৱালপাৰা জিলাৰ ৰামপুৰত স্থানীয় শিল্পীসকলক লৈ থলুৱা নাট্য ধাৰাৰ বিকাশৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা কলা কেন্দ্ৰটোত উপস্থিত হৈ মুখ্য মন্ত্ৰী সোণোৱালে কেন্দ্ৰটোই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে অনুষ্ঠানটোৰ বিষয়ৱবীয়া সকলৰ সৈতে মত-বিনিময় কৰে।
গোৱালপাৰাৰ ৰামপুৰৰ দৰে ভিতৰুৱা ঠাই এখনত এনেধৰণৰ নাট্য জাগৰণৰ সূচনা কৰাৰ বাবে বাদুংদুপ্পা কলা কেন্দ্ৰৰ লগতে কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক প্ৰয়াত শুক্ৰাচাৰ্য্য ৰাভাৰ পদক্ষেপৰ মুখ্য মন্ত্ৰী সোণোৱালে শলাগ লয়।
সোণোৱালে বাদুংদুপ্পাই আয়োজন কৰি অহা নাট্য মহোৎসৱত অংশগ্ৰহণ কৰা বিভিন্ন দেশৰ নাট্যদল সমূহৰ লগতে প্ৰশিক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰো বুজ লয়।
বাদুংদুপ্পাৰ বিষয়ৱবীয়া সকলে মুখ্য মন্ত্ৰী সোণোৱালক কলাকেন্দ্ৰটোৱে বিশ্বৰ বিভিন্ন স্থানৰ নাট্যদল সমূহৰ সমাৱেশেৰে ২০০৮ চনৰ পৰা ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ শীৰ্ষক নাট্য মহোৎসৱৰ কথা উল্লেখ কৰাৰ লগতে বাদুংদুপ্পাৰ প্ৰতিষ্ঠাপক শুক্ৰাচাৰ্য্য ৰাভাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে এটা জীৱন্ত সংগ্ৰহালয় নিৰ্মাণৰো পদক্ষেপ গ্ৰহণ কৰিছে বুলি জনায়।
মুখ্য মন্ত্ৰী সোণোৱালক বাদুংদুপ্পা পৰিয়ালৰ হৈ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নী চিনা ৰাভাই এখন পৰম্পৰাগত ৰাভা বস্ত্ৰ ‘পাজাৰ’ প্ৰদান কৰাৰ লগতে অন্য বিষয়ৱবীয়াসকলে পৰম্পৰাগত বাদ্য ‘বাদুংদুপ্পা’ আৰু স্মৃতি পট প্ৰদান কৰে।