• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত গাৰো উগ্ৰপন্থীৰ হাতত অপহৃত পিতা পুত্ৰকে ধৰি অসমৰ তিনি ক্ষুদ্ৰ ব্যৱসায়ী

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , November 20, 2019 10:04 pm

1 min read

Meghalaya story

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

999
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা মেঘালয়লৈ ব্যৱসায়ৰ বাবে যোৱা তিনিজন ক্ষুদ্ৰ ব্যৱসায়িক মঙলবাৰে নিশা এটা ১০-১২ জনীয়া গাৰো উগ্ৰপন্থীৰ দলে অপহৰণ কৰা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, মঙলবাৰে নিশা যাত্ৰীবাহী বাছেৰে মেঘালয়লৈ গৈ থকা অৱস্থাতে দক্ষিণ গাৰো পাহাৰ জিলাৰ চকপট বজাৰ পোৱাৰ পূৰ্বে ইছমাইল হুছেইন, লামিন হুছেইন আৰু নুৰ আলম নামৰ ক্ষুদ্ৰ ব্যৱসায়ী তিনিজনক গাৰো উগ্ৰপন্থী দলটোৱে গাড়ী ৰখাই অপহৰণ কৰি নিয়ে।

ইছমাইল হুছেইন আৰু লামিন হুছেইন পিতৃ পুত্ৰ বুলি জানিব পৰা গৈছে।

অপহৃত তিনিওগৰাকী লোক কাপোৰৰ ব্যৱসায়ী আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰা হয়।

পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ লগত জড়িত উগ্ৰপন্থী সকলৰ সন্ধানত মেঘালয় আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, প্ৰতি সপ্তাহত মানকাচাৰৰ পৰা কেইবাজনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে সাপ্তাহিক বজাৰৰ আগনিশা মেঘালয়লৈ ৰাওনা হয়। অপহৰণ কাণ্ড সংঘটিত হোৱা দিনাখনো অপহৃত ব্যক্তি তিনিগৰাকীয়ে নিশা প্ৰায় ৯ মান বজাত নৈশ যাত্ৰীবাহী বাছেৰে মেঘালয়লৈ বুলি যাত্ৰা কৰিছিল।

ইয়াৰ পূৰ্বেও গাৰো উগ্ৰপন্থীয়ে অসমৰ ব্যৱসায়ীক অপহৰণ কৰি নি হত্যা কৰিছিল।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd