ডিব্ৰুগড়ত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

Assam-CM-1-750x375

ডিব্ৰুগড়ত দেওবাৰে আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

ৰাজ্যখনত শেহতীয়াভাৱে সৃষ্টি হোৱা আইন-শৃংখলাজনিত পৰিস্থিতিয়ে চৰকাৰখনক উদ্বিগ্ন কৰি তুলিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আইন-শৃংখলাজনক পৰিস্থিতি সুস্থিৰ কৰি তোলাৰ বাবে তৎপৰ হৈ পৰিছে। বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ সময়ত সৃষ্টি হ’ব পৰা আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী-প্ৰশাসনত সদা সষ্টম কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

দেওবাৰে ডিব্ৰুগড়ত আৰক্ষী আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন জৰুৰী বৈঠকত মিলিত হয়। ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি আৰু পঞ্চায়ত নিৰ্বাচনত নিৰাপত্তাৰ বিষয়ক লৈ বৈঠকখনত আলোচনা কৰা হয়। তদুপৰি, আলফা বিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত যুৱ প্ৰজন্মই আলফাত যোগদান কৰাৰ প্ৰসংগই বিশেষ স্থান লাভ কৰে। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলক ৰাইজৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে বৈঠকত নিৰ্দেশ দিয়া হৈছে। তদুপৰি, প্ৰকৃততে কিমান যুৱক-যুৱতী আলফালৈ গৈছে তাৰ তথ্য উলিওৱাৰ বাবেও আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হয়। ইয়াৰ লগতে বৈঠকত আৰক্ষীক নৱ প্ৰজন্মৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ আহ্বান জনোৱা হয়।

আনহাতে, গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ সৈতে আলোচনা কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হয়। গাওঁবুঢ়া আৰু গাওঁৰক্ষী বাহিনীৰ পৰাই সকলো তথ্য সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে ৰাইজৰ জীৱন আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে অসম ৰাইজে শান্তি বিচৰাৰ কথা যুৱ সমাজক অৱগত কৰিবলৈকো আৰক্ষী-প্ৰশাসনৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।

বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ লগতে উজনি অসমৰ সকলো আৰক্ষী অধীক্ষকে উপস্থিত থাকে।