অসমত কেতিয়াকৈ খুলিব চিনেমা হল? কি ক’লে হল মালিক সন্থাই?, জানিবলৈ পঢ়ক

2020_9largeimg_956740315

অসমত অহা ১৩ নৱেম্বৰলৈকে চিনেমা হল খোলাৰ কোনো সম্ভাৱনা নাই। এক সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিছে চিনেমা হল মালিক সন্থাই।

সোমবাৰে চিনেমা হল মালিক সন্থাই কয় যে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা ষ্টেণ্ডাৰ্ড অ’পাৰিটং প্ৰচিডিউৰ(SoPs)ৰ সূচী অসম চৰকাৰে বলৱৎ কৰাৰ পিছতহে ৰাজ্যত চিনেমা হল পুনৰ খোলা হ’ব।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে SoPsৰ নিৰ্দেশনাৱলী মানি ১৫ অক্টোবৰৰ পৰা দেশত চিনেমা হলসমূহ পুনৰ খুলিব পাৰিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত যোৱা ১৫ অক্টোবৰৰ পৰা SoPsৰ নিৰ্দেশনাৱলী মানি চিনেমা হলসমূহ পুনৰ খোলা হৈছে যদিও অসমত এতিয়াও চৰকাৰে চিনেমা হল পুনৰ খোলাৰ বাবে অনুমতি প্ৰদান কৰা নাই।

আনহাতে আজি সংবাদ মেলত সন্থাই কেন্দ্ৰীয় চৰকাৰে জাৰি গাইডলাইন সমূহ সংবাদ মাধ্যমৰ লোকৰ আগত প্ৰকাশ কৰিছে সংস্থাই। গাইডলাইনসমূহ হৈছে—

আসন ব্যৱ্স্থাপনা আৰু টিকট বুকিং—

 

 

 

 

 

সাধাৰণ প্ৰট’কল—

 

স্মৰ্তব্য যো ক’ৰ’ণা প্ৰতিৰোধৰ বাবে দেশত ২২ মাৰ্চৰ পৰা বলৱৎ কৰা লকডাউনৰ  সময়ৰ পৰাই দেশৰ চিনেমা হলসমূহ বন্ধ হৈ আছে।