NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডত উদ্ধাৰ লোক সেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা অসমৰ ছাত্ৰীৰ মৃতদেহ

June 10, 2025 4:09 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

যোৱা ৬ জুনৰ পৰা উত্তৰাখণ্ডত নিৰুদ্দেশ হৈ থকা ডিমা হাছাও জিলাৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা উত্তৰাখণ্ডৰ পৌৰী গড়োৱাল জিলাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

খবৰ অনুসৰি মৃত যুৱতীগৰাকী সোণটিলা হোজাই গাঁৱৰ বাসিন্দা ৰশ্মিতা হোজাই। ৰেলৱে নিযুক্তি ব’ৰ্ডৰ (আৰ আৰ বি) পৰীক্ষাৰ বাবে অসমৰ পৰা দিল্লীলৈ গৈছিল ৰশ্মিতা।

পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত দুজন চিনাকি যুৱকৰ সৈতে উত্তৰাখণ্ডৰ ঋষিকেশলৈ গৈছিল যুৱতীগৰাকী। ইয়াৰে এজনক হাৰিয়ানাৰ প্ৰাক্তন সহপাঠী হেমন্ত শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ঋষিকেশৰ শিৱপুৰী অঞ্চলত কেম্পিঙৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।

কিন্তু খবৰ অনুসৰি ৬ জুনৰ সন্ধিয়া ৰশ্মিতা নিৰুদ্দেশ হৈছিল। তেওঁৰ সংগীসকলে দাবী কৰিছিল যে তেওঁ গংগা নদীৰ ওচৰত নিৰুদ্দেশ হৈছিল আৰু স্থানীয় এজন বাসিন্দাই কেম্প ছাইটৰ ওচৰত এগৰাকী মহিলা পানীত ডুব যোৱা প্ৰত্যক্ষ কৰা বুলি জানিবলৈ দিছিল।

উত্তৰাখণ্ড আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে গংগা নদীত প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিছিল যদিও কোনো মৃতদেহৰ সন্ধান লাভ কৰা নাছিল।

ৰশ্মিতাৰ সৈতে যোগাযোগ হেৰুৱাই হাফলং আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে ৰশ্মিতাৰ পৰিয়ালে। মাতৃ ছলমোদী হোজাইয়ে উল্লেখ কৰে যে তেওঁৰ কন্যাই পৰীক্ষাৰ বাবে অকলে দিল্লীলৈ গৈছিল আৰু ঋষিকেশ ভ্ৰমণৰ বিষয়ে তেওঁলোকক অৱগত কৰা নাছিল।

১০ জুনত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চিইএম) ডেব’লাল গ’ৰলোছাই ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে ৰশ্মিতাৰ মৃত্যু নিশ্চিত কৰে। শোক প্ৰকাশ কৰি ৰশ্মিতাৰ লগত যোৱা ব্যক্তি দুজনৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বৰ্তমানলৈকে আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই যদিও ৰশ্মিতাৰ নিৰুদ্দেশ আৰু মৃত্যুৰ পৰিস্থিতিৰ তদন্ত অব্যাহত আছে।

Related News