দৰঙত মুখ্য মন্ত্ৰী সোণোৱালৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ

‘কংগ্ৰেছ মানেই অপশাসন, কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই দুৰ্নীতি. কংগ্ৰেছ মানেই পৰিয়ালতন্ত্ৰ, কংগ্ৰেছ মানেই বিভাজন। পৰিয়ালতন্ত্ৰ ৰাজনীতি লৈ কংগ্ৰেছৰ নেতা-পালিনেতা ব্যস্ত।’ এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি দৰঙৰ দিপীলাত আয়োজিত এক জনসভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰি মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত মুখ্য মন্ত্ৰী সোণোৱালে মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে বিগত পাঁচ বছৰত প্ৰধান মন্ত্ৰী মোদীয়ে অসমৰ ৰাইজৰ কাৰণে যিমানখিনি কৰিলে বিপৰীতে কংগ্ৰেছে বাধীনতাৰ ৭০ টা বছৰৰ পাছতো দেশ তথা ৰাজ্যৰ উন্নয়নৰ বাবে কোনো কামেই নকৰিলে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ অপশাসনৰ বিপৰীতে মোদীয়ে ৫ বছৰতেই দেশৰ নক্সা সলাবলৈ সমৰ্থ হোৱা বুলি মন্তব্য কৰে। গতিকে আকৌ এবাৰ মোদী চৰকাৰ বনাবৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দি জয় কৰাবলৈ মুখ্য মন্ত্ৰী সোণোৱালে আহ্বান জনায়।