আৰ এছ এছৰ প্ৰচাৰক দয়াল কৃষ্ণ বৰাৰ মৃত্যুত মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ শোক প্ৰকাশ

Dayal Krishna Bora

ফটোৰ উৎস ফেচবুক

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক বৈষ্ণৱ পণ্ডিত দয়াল কৃষ্ণ বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

আজি এক শোক বাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰয়াত দয়ালকৃষ্ণ বৰাই জীৱনকালত ‘নিৰলস প্ৰচেষ্টা আৰু ঐকান্তিক সেৱাৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ লগতে অসমৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।‘

তেওঁ বৰাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যইও দয়াল বৰাৰ মৃত্যুত টুইটাৰ যোগে শোক প্ৰকাশ কৰি কয়, ‘একশৰণ ভাগৱতী সমাজৰ আচাৰ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক, বিশিষ্ট সাহিত্যিক নিবন্ধকাৰ পণ্ডিত দয়াল কৃষ্ণ বৰা দেৱৰ পৰলোক প্ৰাপ্তিৰ খবৰটো পাই মৰ্মাহত হৈছো।‘

উল্লেখযোগ্য যে একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিবৰ পৰা আৰম্ভ কৰি আচাৰ্যৰ দায়িত্ব পালন কৰা বৰাই আৰ এছ এছৰ প্ৰচাৰক আৰু পৰৱৰ্তী সময়ত উত্তৰ অসম প্ৰান্তৰ সম্পৰ্ক প্ৰমূখ হিচাপেও দায়িত্ব পালন কৰিছিল।

তেওঁ লিখা কেইখনমান গ্ৰন্থ হৈছে ‘ধন্য ধন্য ভাৰতবৰিষ’, ‘ভূমিৰ পৰা ভূমালৈ’, ‘সন্ত্ৰাসবাদ একুৰা প্ৰখৰ জুই’, ‘ভাৰতীয় শিক্ষা’ আদি।