NORTHEAST NOW (Assamese)

COVID-19 আক্ৰান্ত বৃদ্ধি: ৰাইজক আতংকিত নহ’বলৈ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

April 1, 2020 10:18 pm · এন ই নাও নিউজ
Updated: April 1, 2020 10:35 pm
অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

অসমত COVID-19 আক্ৰান্ত ১৩ জনলৈ বৃদ্ধি পোৱাৰ সময়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ আতংকিত নহ’বলৈ ৰাজ্যবাসীক আহ্বান জনাইছে।

বিশ্বত এই ৰোগত আক্ৰান্ত বহু ৰোগী সুস্থ হৈ উঠাৰ কথা উল্লেখ কৰি সোণোৱালে অসমত চিনাক্ত হোৱা ৰোগীকেইজনো সোনকালেই আৰোগ্য হ’ব বুলি আশা প্ৰকাশ কৰে।

বৰ্তমান পৰিস্থিতিক সংকীৰ্ণ অৰ্থত মূল্যায়ন নকৰিবলৈ আৰু ক’ভিড-১৯ৰ বিৰুদ্ধে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী অসমবাসীক একত্ৰিতভাৱে থিয় দিবলৈ তেওঁ আহ্বান জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰা লকডাউনৰ প্ৰতি জনোৱা সঁহাৰিৰ বাবে তেওঁ ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে।

আৰু লকডাউনৰ বাকী দিনকেইটাতো সতৰ্কতা, সাৱধানতা আৰু সামাজিক দূৰত্ব অটুট ৰাখিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

এই সময়চোৱাত চিকিৎসককৰ পৰা আদি কৰি আৰক্ষীকে ধৰি অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰী আৰু সংবাদ মাধ্যমৰো তেওঁ শলাগ লয়।

অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত পাঁচগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছত নতুনকৈ চিনাক্ত হৈছে আঠজন ৰোগী।

আক্ৰান্ত আটাইকেইজনেই গোলাঘাট জিলাৰ– ৱাহিদা বেগম (দেৰগাওঁ), আনোৱাৰ হুছেইন (দেৰগাওঁ), আইদৰ আলি (মৰঙী), য়াকুব আলি (মেৰাপানী), জেচমিনা বেগম (মেৰাপানী), চালেহা বেগম (মেৰাপানী), এলিনা বেগম (মৰঙী) আৰু ৰুমা বেগম (মেৰাপানী)।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰীক্ষাৰ পিছত তেওঁলোকক COVID-19 আক্ৰান্ত পোৱা গৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদমেলত সন্ধিয়ালৈ নতুন কিছু ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল।

মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া মঃ জামালুদ্দিন নামৰ ব্যক্তিজন অসমৰ প্ৰথম COVID-19 আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

২৪ ঘণ্টাৰ ভিতৰতে নলবাৰীৰ মঃ আৰ্শ্বাদ আলি (১৯) আৰু জাগীৰোডৰ মঃ হজৰত আলি (৬০), মঃ নুৰুদ্দিন (৫৫) আৰু মঃ জোনাব আলি (৪৬) নামৰ চাৰিজন ৰোগী চিনাক্ত হৈছিল।

ইফালে দিল্লীতো অসমৰ চাৰিজন লোক COVID-19 পজিটিভৰূপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

নিজামুদ্দিনৰ জামাতলৈ যোৱা লোককেইজন বাক্সা জিলাৰ নাক্সাৰ আলি (৭২) আৰু ফাহাৰুদ্দিন (৪৮), বৰপেটাৰ মুস্তাফা আহমেদ (৬০) আৰু নগাঁৱৰ মহম্মদ আলি (৬৫) বুলি চিনাক্ত কৰা হৈছে।

Related News