• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Big Land Scam: ভূমি কেলেংকাৰী; নিজৰ চাৰ্টিফিকেট নিজেই দিলে মুখ্যমন্ত্ৰীয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 10, 2021 7:34 am
CM Family land Scam
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Big Land Scam প্ৰসংগ বৃহৎ ভুমি কেলেংকাৰী। নাম সাঙোৰ খাইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভুঞা শৰ্মাৰ লগতে পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেব পৰ্টেল দা ৱায়াৰ আৰু ৰাজ্যৰ ৱেবপৰ্টেল দা ক্ৰছ কাৰেন্টৰ যৌথ অনুসন্ধানমূলক বাতৰিত প্ৰকাশ পাইছিল যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীয়ে বেআইনীভাৱে ক্ৰয় কৰিছিল ২৯ বিঘা ৯ লেচা চৰকাৰী চিলিং মাটি।

যি মাটি ৰাজহুৱা খণ্ডৰ লগতে ভোগদখল কৰা মাটি বেআইনীভাৱে আৰ. বি. এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড কোম্পানীয়ে ক্ৰয়-বিক্ৰয় কৰিছিল।

দ্যা ক্ৰছ কাৰেন্ট আৰু দ্যা ৱায়াৰৰ উদ্ধৃতিৰে এই বাতৰি বিতংভাৱে প্ৰকাশ কৰিছিল নৰ্থ ইষ্ট নাওৱে।

মূল সুঁতিৰ সংবাদ মাধ্যমসমূহ এই বাতৰি প্ৰকাশৰ পৰা বিৰত আছিল। যাক লৈ ছ’চিয়েল মেডিয়াতো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল অসমৰ মূল সুঁতিৰ সংবাদ মাধ্যম।

Also Read: মুখ্যমন্ত্ৰীৰ পৰিয়াল নামিছে ভূমি দখলত! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

তাৰ পাছতে শেহতীয়াকৈ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয়, “মাজে মাজে মোৰ বিৰুদ্ধে বাতৰি ওলাই থাকে।”

সেইবোৰৰ পৰা কোনো লাভ নহয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। সৰ্বজান্তা হিমন্তই জানে তেওঁ বেয়া কাম নকৰে!

এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ মুখেৰে নিজকে প্ৰশংসা কৰিলে।

এইজন হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈ থাকোতে তেওঁৰ বিৰুদ্ধে যদি কোনো সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছিল তেওঁ তাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া দিছিল।

Also Read:ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বৃহৎ ভূমি কেলেংকাৰী ফাদিল হৈছে-লুৰীণজ্যোতি গগৈ

অসমৰ আগশাৰীৰ এখন বাতৰি কাকত অসমীয়া প্ৰতিদিন কাকতক কটাক্ষ কৰি কৰা এক টুইটত নিৰীহ ৰোগীৰ আৱেগক লৈ খেলা কৰি স্বাস্থ্য কৰ্মীৰ মনোবল ভাঙিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ঠিক সেইদৰে প্ৰতিদিন কাকত আৰু প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰী তথা মুখ্য সম্পাদকৰ বিৰুদ্ধেও এটা সময়ত সৰৱ আছিল ড০ হিমন্ত বিশ্ব শৰ্মা। তদুপৰি সৌ সিদিনা আলফাৰে আলোচনাক কেন্দ্ৰ কৰি টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে প্ৰকাশ কৰা এটা বাতৰিৰ বিৰোধিতা কৰি তথা সম্পূৰ্ণ মিছা বুলি টুইট কৰিছিল।

Also Read:ভূমি কেলেংকাৰী: আৰক্ষীৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ মাজতো জ্বলিল হিমন্ত বিশ্বৰ পুত্তলিকা

তদুপৰি, মুখ্যমন্ত্ৰী নোহোৱাৰ পূৰ্বেও বহু সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে মানহানি গোচৰ তৰাৰ উদাহৰণো নথকা নহয়।

কিন্তু এইজন হিমন্ত বিশ্ব শৰ্মা হঠাৎ ইমান নৰম কিয়? দুটাকৈ ৰাষ্ট্ৰীয়-ৰাজ্যিক ৱেব পৰ্টেলৰ বাতৰিৰ সত্যতা মানি লৈছে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে? 

“সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে গোচৰ তৰক দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে”এই দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ।

Also Read: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক; মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী চি পি আই (এম)ৰ

সকলোৰে এটাই প্ৰশ্ন ‘ভূমি আইন-নীতি উলংঘন কৰি কেনেকৈ কোটি-কোটি টকা ব্যয়ৰে ক্ৰয় কৰিলে এই ভূমি?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ পত্নীৰ পৰা এই ভূমি কেলেংকাৰী সন্দৰ্ভত এক সুযোগ্য প্ৰত্যুত্তৰ বা স্পষ্টীকৰণ নিশ্চয়কৈ সকলোৱে আশা কৰিব। 

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd