বাঘজান ঘটনাৰ ক্ষয়-ক্ষতিৰ বিস্তৃত প্ৰতিবেদন প্ৰস্তুতৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Assam CM orders probe into Baghjan gas well tragedy

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনত বাঘজানৰ ঘটনা সম্পৰ্কত এক উচ্চপৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে তৈল কূপত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ ফলত ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ যিসকল জনসাধাৰণ আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে সেইসকল লোকলৈ চিকিৎসাকে ধৰি সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।

তদুপৰি উক্ত ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰকৃত মূল্যায়ণ কৰি ইয়াৰ বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবেও তিনিচুকীয়া জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীয়ে।

আজিৰ বৈঠকত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ নিৰ্দেশক্ৰমে বাঘজানৰ ঘটনাৰ তদন্তৰ বাবে অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং আৰু অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱ আজি ঘটনাস্থলীলৈ ৰাওনা হৈছে।

বৃহস্পতিবাৰে সোণোৱালে বাঘজানৰ গেছ নিৰ্গমনথলীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক এই তদন্তৰ দায়িত্ব অৰ্পণ কৰি ১৫ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয়।