মুখ্যমন্ত্ৰীৰ মিথ্যা! বিজেপি চৰকাৰৰ দিনৰ ৰাস্তাক কংগ্ৰেছী শাসনৰ ৰাস্তা আখ্যা দি সমালোচিত হিমন্ত বিশ্ব শৰ্মা

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কংগ্রেছ চৰকাৰৰ কার্যকাল আৰু বিজেপি চৰকাৰৰ বর্তমানৰ পৰিস্থিতিৰ তুলনা কৰি ৰাজ্যৰ পথসমূহৰ পৰিৱৰ্তনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত আগবঢ়াইছে৷

২০২৪ চনৰ ২৫ এপ্ৰিলৰ সন্ধিয়া ৫:৫১ বজাত মুখ্যমন্ত্ৰী শৰ্মাই এক্সত পোষ্ট কৰা “অসমৰ পথ—মোদী চৰকাৰৰ আগত আৰু পাছত” শীৰ্ষক এটা ভিডিঅ’ত দুটা ভিন্ন পথৰ ছবি প্ৰদৰ্শন কৰিছিল৷ভিডিঅ’টোৱে ইংগিত দিছিল যে বোকাময়, গাঁতেৰে ভৰা পথসমূহ মোদী চৰকাৰৰ আগৰ, আৰু নতুন পকী পথসমূহ বিজেপি চৰকাৰৰ কাৰ্যকালৰ বুলি আখ্যা দিয়া হৈছে৷

 

 

অৱশ্যে নৰ্থ-ইষ্ট নাওৱে কৰা তথ্যমূলক সম্পৰীক্ষাত আচৰিত তথ্য পোহৰলৈ আহিছে। ভিডিঅ’টোত ২০১৮ চনৰ ১৬ আগষ্টত পঞ্জীয়ন হোৱা এখন টাটা বাহন আৰু ২০২৩ চনতহে ভাৰতত মুকলি কৰা গ্ৰেণ্ড i10 Nios এখন দেখা গৈছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে এই ফুটেজে হিমন্ত বিশ্ব শৰ্মাৰ দাবীক ভুল বুলি প্ৰমাণিত কৰিছে।

ইপিনে ২০২৪ চনৰ ২৬ এপ্ৰিলৰ সন্ধিয়া ৫:৫৩ বজাত মুখ্যমন্ত্ৰী শৰ্মাই এক্সত শ্বেয়াৰ কৰা আন এটা ভিডিঅ’ত গুৱাহাটী বিমানবন্দৰলৈ যোৱা যাত্ৰাৰ দৃশ্য দেখা গৈছে, য’ত মোদী চৰকাৰৰ দিনত যাত্ৰাৰ সময় হ্ৰাস পোৱাৰ ওপৰত আলোকপাত কৰা হৈছে৷কিন্তু তদন্তত দেখা গ’ল যে ভিডিঅটোত দেখুওৱা এখন বাহন ২০১৭ চনৰ ১৪ ছেপ্টেম্বৰত পঞ্জীয়ন কৰা হৈছিল, ইয়াৰ পৰা বুজা যায় যে ভিডিঅ’টোত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ পৰিস্থিতি বুলি ভুলকৈ প্ৰচাৰ কৰা হৈছিল।