NORTHEAST NOW (Assamese)

ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড-১৯ৰ পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

May 6, 2021 6:31 pm · কল্পজ্যোতি শইকীয়া
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ ক’ভিড-১৯ৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে।

বৈঠকত অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিক অৱস্থাৰ বুজ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে:

● চিকিৎসালয়সমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰি ক’ভিড-১৯ ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ঔষধৰ মূল্য যাতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে, তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিবলৈ উপায়ুক্তসকলক নিৰ্দেশ

● জিলাসমূহত ব্যাপকভাৱে ক’ভিড-১৯ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে সাম্প্ৰতিক অৱস্থা সন্দৰ্ভত জনসাধাৰণক সবিশেষ অৱগত কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ

● ৰাজ্যৰ সাপ্তাহিক বজাৰসমূহ ছেনিটাইজ কৰাৰ উপৰিও চাহ বাগিচা অঞ্চলত জনসচেতনতা বৃদ্ধিৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ বিষয়াসকলক নিৰ্দেশ

● কোনোপধ্যেই যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নহয়, তাৰ বাবে চেম্বাৰ্ছ অৱ কমাৰ্ছৰ সৈতে সঘনাই আলোচনা কৰিবলৈও বিষয়ববীয়াক নিৰ্দেশ

● মহামাৰীৰ জটিল পৰিস্থিতিত জিলাসমূহত যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান অব্যাহত থাকে, তাৰ বাবে এ পি ডি চি এল-ৰ সৈতে আলোচনা কৰি বিহিত ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।

Related News